বোকাখাতত পৌৰসভাই নতুনকৈ ক্ৰয় কৰা অত্যাধুনিক বাহনৰ শুভ উদ্বোধন কেবিনেট মন্ত্ৰী অতুল বৰাই
গোলাঘাট, ১৮ জুলাই (হি.স.)। বোকাখাত পৌৰসভাই নতুনকৈ ক্ৰয় কৰা অত্যাধুনিক যন্ত্ৰৰ বাহনৰ শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই ৷ ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত অত্যাধুনিক বাহন ক্ৰমে ২ খন ডাম
বোকাখাতত পৌৰসভাই নতুনকৈ ক্ৰয় কৰা অত্যাধুনিক বাহনৰ শুভ উদ্বোধন কেবিনেট মন্ত্ৰী অতুল বৰাই


গোলাঘাট, ১৮ জুলাই (হি.স.)। বোকাখাত পৌৰসভাই নতুনকৈ ক্ৰয় কৰা অত্যাধুনিক যন্ত্ৰৰ বাহনৰ শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই ৷ ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত অত্যাধুনিক বাহন ক্ৰমে ২ খন ডাম্পাৰ (আৱৰ্জনা পৰিবহন), গাৰবেজ ছাকচন বাহন এখন (GVP পৰিস্কাৰকৰণ), ৰোড ছুইপিং বাহন এখন (পথ পৰিস্কাৰকৰণ), মিনি ছুপাৰ ছাকাৰ বাহন এখন (নলা নৰ্দমা পৰিস্কৰণ) আৰু ৱাটাৰ স্প্ৰিংকলাৰ বাহন এখন (ধুলি আৰু গৰমৰ প্ৰকোপ হ্ৰাস)ৰ লগতে তিনিখন নলা চাফাই কৰা বাহনৰ আনুষ্ঠানিক উদ্বোধন কৰে মন্ত্ৰী গৰাকীয়ে ৷

৪.৩০ কোটি টকা ব্যয়েৰে ক্ৰয় কৰা বাহন সমূহে বোকাখাত পৌৰসভাৰ দহটা ৱাৰ্ড পৰিস্কাৰ কৰি ৰখাৰ স্বাৰ্থত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিব ৷ বোকাখাত পৌৰসভা কাৰ্যালয় চৌহদত অনুষ্ঠিত উদ্বোধনী সভাত নতুন বাহন কেইখন মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande