
ইম্ফল, ১8 জুলাই (হি.স.)। মণিপুৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলোৱা অভিযানৰ সময়ত নাৰ্কটিক কণ্ট্ৰল ব্যুৰো (এনচিবি)ৱে ঘোষণা কৰা অপৰাধী, দুজন অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰী, এজন গাঞ্জা সৰবৰাহকাৰী আৰু নিষিদ্ধ উগ্ৰপন্থী সংগঠন ছ’ৰেপাৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে।
এনচিবিৰ দিল্লী খণ্ড ইউনিটৰ অতিৰিক্ত সঞ্চালকৰ অনুৰোধত আৰক্ষীয়ে থৌবাল জিলাৰ মইছিং ৱাংমতাবা চিংয়া লেইকাইৰ বাসিন্দা মহম্মদ আমিৰ খান ওৰফে ৰেহমানক গ্ৰেপ্তাৰ কৰে। এনডিপিএছ আইনৰ অধীনত পঞ্জীয়ন হোৱা এনচিবিৰ গোচৰত তেওঁ ঘোষিত অপৰাধী আছিল।
আন এক অভিযানত আৰক্ষীয়ে থৌবাল জিলাৰ লিলং লেইহাওখং লেইনুং হোটেল মানিঙৰ বাসিন্দা মহম্মদ জাকিৰ হুছেইন (৪৪) ওৰফে টম্বাক নিজৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে । তেওঁৰ হাতৰ পৰা ক’ডিনযুক্ত কাহৰ চিৰাপ, পি-নাইট্ৰা-১০ (সম্ভৱতঃ এন-১০) টেবলেট, আৰু ট্ৰ’স্পাছ প্লাছ কেপচুল উদ্ধাৰ কৰা হয়।
জিৰিবাম জিলাৰ লামখাই বজাৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে কনজেংবাম কুল্লা সিং (৪৭)ক। তেওঁৰ হাতত প্ৰায় ৫৬.৮ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰা হৈছে । ইফালে নিৰাপত্তা বাহিনীয়ে থৌবাল জিলাৰ থৌবাল হাওখা অঞ্চলৰ পৰা নিষিদ্ধ উগ্ৰপন্থী সংগঠন সোৰেপাৰ সক্ৰিয় সদস্য যুমনাম নৰেশ সিং ওৰফে কাকপা (২৬)ক গ্ৰেপ্তাৰ কৰে ।
আৰক্ষীয়ে জনোৱা মতে, সকলো গোচৰতে অধিক আইনী ব্যৱস্থা আৰু তদন্ত অব্যাহত আছে ।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ