
দক্ষিণ শালমাৰা মানকাচৰ, ১৮ জুলাই (হি.স.)। হাটশিঙিমাৰীৰ খোতাতীয়া বজাৰত এপিডিচিএল ৰ সহায়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ খোপাতীয়া বজাৰত দোকানী সকলে মানকাচৰৰ এপিডিচিএল ৰ সহায়ক ৰিয়াজুল ইছলামৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।
অভিযোগ অনুসৰি খোপাতীয়া বজাৰত প্ৰায় দুই মাহ পূৰ্বে বজাৰৰ এটা বিদ্যুৎৰ খুটা ভাঙি যোৱাত বজাৰৰ দোকানী সকলে বিদ্যুৎ বিভাগক অৱগত কৰায় ৷
ৰাইজৰ খৱৰৰ ভিত্তিত বিদ্যুৎ বিভাগৰ সহায়ক ৰিয়াজুল ইছলামে বিদ্যুৎৰ খুটা দিয়াৰ নামত ১৫ হাজাৰ টকা দাবী কৰে ৷ ৰিয়াজুলে দাবী কৰা ধন দোকানী সকলে বৰঙণি দি মুঠ দহ হাজাৰ টকা ৰিয়াজুল ইছলামক দিয়ে ।
কিন্তু আজি দুই মাহ পিছতো ৰিয়াজূল ইছলামে বিদ্যুতৰ খুটা নিদিয়াত আজি দোকানী সকলে মানকাচৰৰ এপিডিচিএল ৰ সহায়ক ৰিয়াজুল ইছলামৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে খোপাতীয়া বজাৰত প্ৰতিবাদ সাব্যস্ত কৰি এনেদৰে মন্তব্য কৰে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা