
তিনিচুকিয়া, ১৮ জুলাই (হি.স.)। লিডুত অ.জা.যু.ছা.প. ৰ ৩ ঘন্টিয়া অৱস্থান ধৰ্মঘট। কৃত্ৰিম বানপানী সমস্যাৰ সমাধানৰ দাবী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আজি লিডুত এক অৱস্থান ধৰ্মঘট
কাৰ্যসূচী ৰূপায়ন কৰে। লিডু মহাবিদ্যালয় চৌহদৰ কৃত্ৰিম বানৰ সমস্যাৰ লগতে বান গৰাখহনীয়া সমস্যাৰ সমাধানৰ দাবীত উক্ত প্ৰতিবাদ।
শতাধিক নেতা কৰ্মীয়ে লিডু ৰেল ৰঙ্গমঞ্চত প্ৰতিবাদ সাব্যস্থ কৰি শীঘ্ৰেই লিডুৰ এই সমস্যা সমাধানৰ দাবী জনাই। আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ সভাসতি কাঞ্চন বৰা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা