কামাখ্যা কৰিড'ৰ প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ কথা সদৰি মুখ্যমন্ত্ৰীৰ
গুৱাহাটী, ১৮ জুলাই (হি.স.) : অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ঘোষণা কৰে যে মা কামাখ্যাৰ আশীৰ্বাদত ৫০০ কোটিতকৈ অধিক ব্যয়সাপেক্ষ কামাখ্যা কৰিড''ৰ প্ৰকল্পৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বাৰ্তাত মুখ্যমন্ত্ৰীয়
Kamakhya Temple.


গুৱাহাটী, ১৮ জুলাই (হি.স.) : অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ঘোষণা কৰে যে মা কামাখ্যাৰ আশীৰ্বাদত ৫০০ কোটিতকৈ অধিক ব্যয়সাপেক্ষ কামাখ্যা কৰিড'ৰ প্ৰকল্পৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছে।

সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে, কাশী বিশ্বনাথ কৰিড'ৰৰ সফলতাৰে অনুপ্ৰাণিত এই প্ৰকল্পৰ মূল লক্ষ্য হৈছে কামাখ্যা মন্দিৰলৈ অহা লাখ লাখ ভক্ত আৰু দৰ্শনাৰ্থীৰ বাবে সহজগম্যতা নিশ্চিত কৰা, ভিৰ নিয়ন্ত্ৰণ ব্যৱস্থা উন্নত কৰা আৰু বিশ্বমানৰ সা-সুবিধা গঢ়ি তোলা।

তেওঁ কয়, কামাখ্যা কৰিড'ৰ সম্পূৰ্ণ হ'লে তীৰ্থযাত্ৰীসকলৰ দৰ্শনৰ অভিজ্ঞতা অধিক সুকলমে হোৱাৰ লগতে অসমৰ আধ্যাত্মিক পৰ্যটনেও নতুন গতি লাভ কৰিব। এই প্ৰকল্পই ৰাজ্যখনক দেশৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু সাংস্কৃতিক গন্তব্যস্থান হিচাপে অধিক শক্তিশালী কৰি তুলিব।

----------

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ


 rajesh pande