কোকৰাঝাৰৰ জিলা আয়ুক্তই গোঁসাইগাঁওত বীজ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ, কৃষিক্ষেত্ৰ পৰিদৰ্শন
কোকৰাঝাৰ, ১৮ জুলাই (হি.স.)। কোকৰাঝাৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে শুকুৰবাৰে অসম কৃষি বিশ্ববিদ্যালয় (AAU), গোঁসাইগাঁও কেম্পাছৰ উদ্যোগত আয়োজিত বীজ আৰু ৰোপণ সামগ্ৰী বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। বৈজ্ঞানিক কৃষি পদ্ধতি, শস্য বৈচিত্ৰ্যকৰণ আৰু বহনক্ষ
কোকৰাঝাৰৰ জিলা আয়ুক্তই গোঁসাইগাঁওত বীজ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ, কৃষিক্ষেত্ৰ পৰিদৰ্শন


কোকৰাঝাৰৰ জিলা আয়ুক্তই গোঁসাইগাঁওত বীজ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ, কৃষিক্ষেত্ৰ পৰিদৰ্শন


কোকৰাঝাৰ, ১৮ জুলাই (হি.স.)। কোকৰাঝাৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে শুকুৰবাৰে অসম কৃষি বিশ্ববিদ্যালয় (AAU), গোঁসাইগাঁও কেম্পাছৰ উদ্যোগত আয়োজিত বীজ আৰু ৰোপণ সামগ্ৰী বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। বৈজ্ঞানিক কৃষি পদ্ধতি, শস্য বৈচিত্ৰ্যকৰণ আৰু বহনক্ষম কৃষি ব্যৱস্থাক উৎসাহিত কৰাৰ উদ্দেশ্যে এই অনুষ্ঠান আয়োজন কৰা হয়।

অনুষ্ঠানত বিধায়ক সভাৰাম বসুমতাৰী আৰু মহম্মদ আশ্ৰাফুল ইছলাম শ্বেখ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° মনোৰঞ্জন নেওগ, গোঁসাইগাঁওৰ মহকুমাধিপতি (অসামৰিক) এল. নেলছন মাংগাংচা, বিটিচিৰ কৃষি সঞ্চালক বি. বি. নাৰ্জাৰী, AAU-জ’নেল ৰিচাৰ্চ ষ্টেচন, গোঁসাইগাঁওৰ মুখ্য বিজ্ঞানী ড° কামেশ্বৰ দাস, কোকৰাঝাৰৰ জিলা কৃষি বিষয়া এম. এন. দাসৰ লগতে বিভিন্ন বিভাগৰ বিষয়া আৰু অগ্ৰণী কৃষকসকলে উপস্থিত থাকে।

অনুষ্ঠানত ১০০ জন অগ্ৰণী কৃষকক ব্লেকগ্ৰাম (SBC-40) বীজ, তামোল পুলি, অসম নেমুৰ কলম আৰু জলকীয়া মৰিচৰ (ব্লেক পেপাৰ) ৰোপণ সামগ্ৰী বিতৰণ কৰা হয় যাতে উন্নত কৃষি পদ্ধতি গ্ৰহণ আৰু কৃষি উৎপাদন বৃদ্ধি কৰাত সহায় হয়। লগতে কৃষকসকলক ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লাভৰ বাবে নাম পঞ্জীয়ন কৰিবলৈ উৎসাহিত কৰা হয়।

ইয়াৰ পিছত জিলা আয়ুক্তই ড° মনোৰঞ্জন নেওগ, ড° কামেশ্বৰ দাস, অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াসকলৰ সৈতে গোঁসাইগাঁওস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ পৰিদৰ্শন কৰি চলি থকা কৃষি কাৰ্যকলাপ আৰু প্ৰদৰ্শনীমূলক কৃষিক্ষেত্ৰসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে।

পৰিদৰ্শনৰ সময়ত দলটোৱে কৃষকসকলৰ সৈতে মতবিনিময় কৰাৰ লগতে কৃষিক্ষেত্ৰৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে আৰু কৃষকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰে। লগতে উন্নত প্ৰযুক্তিৰ প্ৰয়োগ, বৈজ্ঞানিক শস্য ব্যৱস্থাপনা আৰু উদ্যান শস্যভিত্তিক হস্তক্ষেপৰ জৰিয়তে কৃষি উৎপাদনশীলতা আৰু কৃষকৰ আয় বৃদ্ধিৰ ওপৰতো বিস্তৃত আলোচনা কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande