গুৱাহাটী–কানপুৰ চেণ্ট্ৰেল সাপ্তাহিক বিশেষ ৰে'লখনৰ সেৱা বৃদ্ধি
গুৱাহাটী, ১৮ জুলাই (হি.স.)। ৰেল যাত্ৰীসকলৰ যাত্ৰাৰ চাহিদা পূৰণ কৰাৰ লগতে অতিৰিক্ত ভিৰ হ্ৰাস কৰাৰ উদ্দেশ্যে চলিত ভ্ৰমণৰ বতৰত ৰেল নং. ০৪১২৭/০৪১২৮ কানপুৰ চেণ্ট্ৰেল–গুৱাহাটী–কানপুৰ চেণ্ট্ৰেল সাপ্তাহিক বিশেষ ৰে''লখনৰ সেৱা অতিৰিক্ত ০৮ টা ট্ৰিপৰ বাবে সম্প
গুৱাহাটী–কানপুৰ চেণ্ট্ৰেল সাপ্তাহিক বিশেষ ৰে'লখনৰ সেৱা বৃদ্ধি


গুৱাহাটী, ১৮ জুলাই (হি.স.)। ৰেল যাত্ৰীসকলৰ যাত্ৰাৰ চাহিদা পূৰণ কৰাৰ লগতে অতিৰিক্ত ভিৰ হ্ৰাস কৰাৰ উদ্দেশ্যে চলিত ভ্ৰমণৰ বতৰত ৰেল নং. ০৪১২৭/০৪১২৮ কানপুৰ চেণ্ট্ৰেল–গুৱাহাটী–কানপুৰ চেণ্ট্ৰেল সাপ্তাহিক বিশেষ ৰে'লখনৰ সেৱা অতিৰিক্ত ০৮ টা ট্ৰিপৰ বাবে সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই অতিৰিক্ত সেৱাসমূহ পূৰ্বৰ সময়সূচী, পথ আৰু ষ্টপেজ অনুসৰিয়েই চলাচল কৰিব পৰিণামস্বৰূপে অসম, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ তথা মধ্যৱৰ্তী বিভিন্ন ষ্টেচনৰ মাজত যাত্ৰা কৰা যাত্ৰীসকলে অধিক সুবিধা লাভ কৰিব।

সেই অনুসৰি, ৰেল নং. ০৪১২৭ কানপুৰ চেণ্ট্ৰেল–গুৱাহাটী সাপ্তাহিক বিশেষ ৰে'লখন ১৬ জুলাই, ২০২৬ ৰ পৰা ৩ ছেপ্টেম্বৰ, ২০২৬ লৈ প্ৰতি বৃহস্পতিবাৰে পুৱা ০৮:০০ বজাত কানপুৰ চেণ্ট্ৰেলৰ পৰা প্ৰস্থান কৰিব। আনহাতে, ৰেল নং. ০৪১২৮ গুৱাহাটী–কানপুৰ চেণ্ট্ৰেল সাপ্তাহিক বিশেষ ৰে'লখন ১৭ জুলাই, ২০২৬ ৰ পৰা ৪ ছেপ্টেম্বৰ, ২০২৬লৈ প্ৰতি শুক্ৰবাৰে ৰাতি ২২:০০ বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰিব। সংশ্লিষ্ট গন্তব্য স্থানসমূহৰ পৰা উভয় দিশত এই ৰেলসেৱা অতিৰিক্ত ০৮ টা ট্ৰিপৰ বাবে সম্প্ৰসাৰণ কৰা হ'ব।

এই অতিৰিক্ত ট্ৰিপে বিশেষকৈ ব্যস্ত ভ্ৰমণকালত গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা যাত্ৰা কৰা যাত্ৰীসকলক যথেষ্ট সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে যাত্ৰীসকলক এনটিইএছ অথবা ৰে'লৱেৰ অন্যান্য চৰকাৰী অনুসন্ধান চেনেলৰ জৰিয়তে এই ৰেলসেৱাৰ বিস্তৃত সময়সূচী, ভ্ৰমণৰ সময় আৰু হল্টসমূহ নিশ্চিত কৰি ল'বলৈ পৰামৰ্শ দিয়া হৈছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই যাত্ৰীসকলৰ সুবিধা বৃদ্ধিৰ বাবে প্ৰয়োজন অনুসৰি অতিৰিক্ত ৰে'ল সেৱা প্ৰৱৰ্তন কৰি ভ্ৰমণৰ চাহিদা বৃদ্ধি পূৰণ কৰাৰ অৰ্থে সদায় প্ৰতিশ্ৰুতিবদ্ধ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande