ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অঘটন
দৰং, ১৮ জুলাই (হি.স.)। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অঘটন। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত অৱস্থাত এজন বন বিষয়া গুলিবিদ্ধ।গুলিবিদ্ধ বিষয়া গৰাকী মঙলদৈ প্ৰফুল্ল নগৰৰ বিপিন চন্দ্ৰ ডেকা (৫০)।বিষয়া গৰাকীয়ে নিশা উদ্যানত নিয়মীয়া তালাচীত গৈ ঘুৰি আহি আবাস স্
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অঘটন


দৰং, ১৮ জুলাই (হি.স.)। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অঘটন। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত অৱস্থাত এজন বন বিষয়া গুলিবিদ্ধ।গুলিবিদ্ধ বিষয়া গৰাকী মঙলদৈ প্ৰফুল্ল নগৰৰ বিপিন চন্দ্ৰ ডেকা (৫০)।বিষয়া গৰাকীয়ে নিশা উদ্যানত নিয়মীয়া তালাচীত গৈ ঘুৰি আহি আবাস স্থলী পোৱাত আকস্মিক ভাৱে নিজৰ মাৰনাস্ত্ৰৰ পৰা চাৰি জাঁই গুলী ফুটে।ডেকাৰ সোঁহাতৰ বাহুৰে চাৰি জাই গুলি পাৰ হৈ যায়।

আহত ডেকাক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে জি এম চি এইছ লৈ প্ৰেৰণ কৰে চিকিৎসকে।আহত ডেকা বৰ্তমান সংকট মুক্ত বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে মঙ্গলদৈ বন সংমণ্ডলৰ বন্যপ্ৰাণী বিষয়াই মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande