
গুৱাহাটী, ১৮ জুলাই (হি.স.) : অসম আৰক্ষীয়ে ডিব্ৰুগড় জিলাৰ টিংখং থানাৰ অন্তৰ্গত নাহৰকটীয়া অঞ্চলত চলোৱা বিশেষ ড্ৰাগছ বিৰোধী অভিযানত ১.৩৫ কিলোগ্ৰাম হেৰ'ইন, ১৪.০৬ লাখ টকা নগদ ধন আৰু দুখন চাৰিচকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হৈছে।
অভিযান চলাকালীন আৰক্ষীয়ে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা দুয়োজন স্বামী-স্ত্ৰী বুলি জানিব পৰা গৈছে। তেওঁলোকৰ পৰিচয় মনোজ গগৈ আৰু গুলাপী গগৈ হিচাপে নিশ্চিত কৰা হৈছে।
ঘটনাটোৰ তদন্ত অব্যাহত আছে। আৰক্ষীয়ে এই ড্ৰাগছ সৰবৰাহ চক্ৰৰ সৈতে জড়িত আন লোকসকলৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সফল অভিযানৰ প্ৰশংসা কৰি কয় যে, ৰাজ্য চৰকাৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ ই এক স্পষ্ট প্ৰতিফলন । তেওঁ লগতে কয় যে অসম আৰক্ষীৰ ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান আগন্তুক দিনতো একেই কঠোৰতা আৰু ধাৰাবাহিকতাৰে অব্যাহত থাকিব।
------------
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ