সৰ্বভাৰতীয় এন ই ই টি পৰীক্ষাত সুনাম অৰ্জন কৰিলে হাজোৰ পূৱ চেঁচামুখৰ মেধাৱী ছাত্ৰী প্ৰিন্সি হাজৰিকাই
কামৰূপ, ১৮ জুলাই (হি.স.)। সৰ্বভাৰতীয় এন ই ই টি পৰীক্ষাত সুনাম অৰ্জন কৰিলে হাজোৰ পূৱ চেঁচামুখৰ মেধাৱী ছাত্ৰী প্ৰিন্সি হাজৰিকাই। দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ''ব নোৱাৰে তাৰ প্ৰমাণ দাঙি ধৰিলে প্ৰিন্সি হাজৰিকাই। প্ৰিন্সি হাজৰিকাৰ পিতৃ এগৰাকী সাধাৰণ ব্যৱসা
সৰ্বভাৰতীয় এন ই ই টি পৰীক্ষাত সুনাম অৰ্জন কৰিলে হাজোৰ পূৱ চেঁচামুখৰ মেধাৱী ছাত্ৰী প্ৰিন্সি হাজৰিকাই


কামৰূপ, ১৮ জুলাই (হি.স.)। সৰ্বভাৰতীয় এন ই ই টি পৰীক্ষাত সুনাম অৰ্জন কৰিলে হাজোৰ পূৱ চেঁচামুখৰ মেধাৱী ছাত্ৰী প্ৰিন্সি হাজৰিকাই। দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে তাৰ প্ৰমাণ দাঙি ধৰিলে প্ৰিন্সি হাজৰিকাই। প্ৰিন্সি হাজৰিকাৰ পিতৃ এগৰাকী সাধাৰণ ব্যৱসায়ী।

সৰ্বভাৰতীয় এন ই ই টি পৰীক্ষাত উত্তীৰ্ণ হৈ সুনাম কঢ়িয়াই অনাত উৎফুল্লিত অঞ্চলবাসী। হাজোৰ পূৱ চেঁচামুখৰ ধৰ্মেন্দ্ৰ হাজৰিকাৰ সুযোগ্য কণ্যা প্ৰিন্সি হাজৰিকাই ২০২৬-২৭ বৰ্ষৰ এ ই ইটি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৫৭১ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। অনাগত দিনত প্ৰিন্সি হাজৰিকাই সমাজৰ হৈ সমাজৰ লগত থাকি সদায় সেৱা আগবঢ়ায় যাব বুলি মত প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande