
কোকৰাঝাৰ, ১৮ জুলাই (হি.স.)। গোসাঁইগাঁৱৰ এজন যুৱক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ বাবে সহায় বিচাৰি মুখ্যমন্ত্ৰীলৈ আহ্বান পৰিয়ালৰ।পৰ্য্যাপ্ত ধনৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হৈ দুৰ্বিসহ জীৱন কটাবলাগিয়া হৈছে গোসাঁইগাঁৱৰ ১ নম্বৰ বাৰজাবিল গাঁৱৰ এজন যুৱকে। ২০১৯ চনত জটিল ৰোগত আক্ৰান্ত হয় দিপক মূৰ্মু নামৰ যুৱক জনে।
দৰিদ্ৰ খেতিয়ক জনে কোনোমতে পৰিয়াল পোহপাল দিয়া পিতৃ - মাতৃয়ে বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰিও সুফল পোৱা নাই দিপক মূৰ্মুৱে। দীৰ্ঘদিন অসুস্থতাৰ বাবে চিকিৎসা কৰি দিক বিদিক হেৰুৱাইছে পৰিয়ালটোৱে। চিকিৎসাৰ নামত শেষ হৈছে সকলো ধন-সম্পত্তি। পুত্ৰক সুস্থ কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ চিকিৎসাৰ বাবে সহায় বিচাৰে দ্ৰৰিদ্ৰ পৰিয়ালটোৱে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ