
ইটানগৰ, ১৮ জুলাই (হি.স.)। অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ টেংগাপানী সংৰক্ষিত বনাঞ্চল আৰু লালপাহাৰ পথৰ মাজৰ অঞ্চলত শুকুৰবাৰে নিশা অষ্টম অসম ৰাইফলছ আৰু এটা অজ্ঞাত উগ্ৰপন্থী গোটৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। উক্ত ঘটনাত মমং গাঁৱৰ বাসিন্দা ৩০ বছৰীয়া কয়লানি নামচুম (পিতাঃ চাও নালাচিং নামচুম)নামৰ যুৱতীৰ বাওঁ ভৰিৰ আঁঠুত গুলী লাগে।
আহত যুৱতী গৰাকীক উন্নত চিকিৎসাৰ বাবে অসমৰ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ (TMCH) প্ৰেৰণ কৰা হৈছে। ইয়াৰ পিছত চলোৱা অভিযানত দুজন সন্দেহজনক ব্যক্তিক আটক কৰি অধিক তদন্তৰ বাবে নামচাই আৰক্ষীৰ হাতত চমজাই দিয়া হৈছে। ঘটনাটোৰ অধিক তথ্য অপেক্ষা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ