
গোলাঘাট, ১৮ জুলাই (হি.স.)। কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰখনৰ উন্নয়ন আৰু কহঁৰা ৰঙাজান ইংলে পথাৰ বিতৰ্ক সন্দৰ্ভত বিত্ত তথা বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ । কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰ খনৰ উন্নয়নৰ স্বাৰ্থত সকলো পক্ষই এৰা-ধৰা কৰিব লাগিব । শনিবাৰে বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ উদ্যোগত বোকাখাত সমজিলা ভিত্তিত ২০২৬ বৰ্ষত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷
আজি অৰ্থাৎ শনিবাৰে বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱা, গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰা আৰু ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত কাজিৰঙাত বন আৰু পৰ্যটন বিভাগৰ গুৰুত্বপূৰ্ণ এখন বৈঠক অনুষ্ঠিত হ'ব ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা