
বৰপেটা, ১৮ জুলাই (হি.স.): বৰপেটা জিলাৰ জনীয়াৰ ছাপৰাৰ এটা মথাউৰিৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক । ছাপৰৰ পৰা ৰূপাকুছি-কাদংলৈ যোৱা মথাউৰিৰ দুৰৱস্থাই জীয়াতু চৰম দুৰ্ভোগ ভূগিছে ৰাইজে ।
উল্লেখ্য যে ১৯৮০ চনত নিৰ্মাণ হোৱা মথাউৰিৰ দুৰৱস্থাই জীয়াতু ভুগিবলগীয়া হৈছে ৰাইজে । এজাক বৰষুণতেই ঠায়ে ঠায়ে একাঁঠুলৈকে জমা হয় পানী কদৰ্যময় হৈ পৰে মথাউৰি । অৱশ্যে উক্ত মথাউৰিৰ পুনৰৰ্নিমাণৰ কাম প্ৰায় ৫ বছৰ পূৰ্বে আৰম্ভ কৰিছিল যদিও আধাৰুৱা কৰি ঠিকাদাৰ উধাও হয় । ফলত যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে ৰাইজে । অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কক উক্ত মথাউৰি পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে ৰাইজৰ যাতায়ত ব্যৱস্থা সুচল কৰাৰ আহ্বান জনাইছে জনীয়া আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ