নীট পৰীক্ষাত উজলিল বিশেষভাৱে সক্ষম ব্য়ক্তিৰ পুত্ৰ
পিতৃ বিশেষভাৱে সক্ষম, পুত্ৰ উজলিল NEET পৰীক্ষাত
পিতৃ বিশেষভাৱে সক্ষম, পুত্ৰ উজলিল NEET পৰীক্ষাত


পিতৃ বিশেষভাৱে সক্ষম, পুত্ৰ উজলিল NEET পৰীক্ষাত


কামৰূপ, ১৮ জুলাই (হি.স.)। সফলতা লাভত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, এই কথা পুনৰাই প্ৰমাণ কৰিছে ডিমৰীয়া সমষ্টিৰ মালয়বাৰী শংকৰমন্দিৰৰ ৰাহুল কলিতা নামৰ ছাত্ৰজনে । প্ৰভাত কলিতা আৰু গংগা কলিতাৰ সন্তান ৰাহুল কলিতাই নীট ২০২৬ (NEET 2026)-ৰ পৰীক্ষাত ৫৪৭ (৯৭.৯৯ শতাংশ) নম্বৰ লাভেৰে কৰিলে সফলতা।

ৰাহুল কলিতাৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ মালয়বাৰীবাসী । উল্লেখ্য যে ৰাহুল কলিতাৰ পিতৃ প্ৰভাত কলিতা বিশেষ ভাৱে সক্ষম । তাৰ পিছতো জুইয়ে পোৰা সোণ হিচাপে উজলি উঠিল ৰাহুল । আনহাতে ৰাহুল কলিতাৰ এই সফলতাত বিশেষ সহযোগিতা আগবঢ়াইছিল বিশেষ ভাৱে সক্ষম পেহীয়েকেও, লগতে মাতৃৰ অৰিহণাও উল্লেখনীয় ।

মেধাৱী ছাত্ৰগৰাকীৰ এই সফলতাৰ পিছতে অঞ্চলটোৰ ৰাইজে ৰাহুলৰ গৃহত উপস্থিত হৈ শুভেচ্ছা জনায় ।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande