ধিঙত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান অনুষ্ঠান
নগাঁও, ১৮ জুলাই (হি.স.)। ধিঙত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান অনুষ্ঠান। নগাঁও জিলাৰ ধিং ,ৰূপহীহাট আৰু চামগুৰি সমষ্টিৰ আত্ম সহায়ক গোটৰ মহিলা সকলে লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন। এই তিনি সমষ্টিৰ ১,১,৭১৬ গৰাকী আত্ম সহায়ক গোটৰ মহিলা এতিয়া হ
ধিঙত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান অনুষ্ঠান


নগাঁও, ১৮ জুলাই (হি.স.)। ধিঙত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান অনুষ্ঠান। নগাঁও জিলাৰ ধিং ,ৰূপহীহাট আৰু চামগুৰি সমষ্টিৰ আত্ম সহায়ক গোটৰ মহিলা সকলে লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন। এই তিনি সমষ্টিৰ ১,১,৭১৬ গৰাকী আত্ম সহায়ক গোটৰ মহিলা এতিয়া হ'ব লাখপতি বাইদেউ ।

উক্ত সংবাদ লাভ কৰাৰ পিছতেই আত্ম সহায়ক গোটৰ মহিলা সকল উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে । ধিং সমষ্টিৰ বৰভেটি পঞ্চায়তৰ মহিলা সকল ওলাই আহিছে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাবলৈ। মহিলা সকলে বহু আকাংক্ষিত উদ্যমিতা আঁচনিৰ চেক প্ৰদাণৰ ব্যৱস্থা কৰা বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অন্তৰৰ পৰা ধন্যবাদ জনাইছে। এই আঁচনিয়ে ৰাজ্যৰ মহিলা সৱলীকৰণ আৰু স্বাৱলম্বিতাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হৈছে । উল্লেখ্য যে, নগাঁও জিলাৰ আন আন সমষ্টিৰ মহিলা সকলে বিধানসভা নির্বাচনৰ পূর্বে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন লাভ কৰিছিল যদিও ধিং,ৰূপহীহাট আৰু চামগুৰি সমষ্টিৰ আত্ম সহায়ক গোটৰ মহিলা সকলে উক্ত ধন লাভ কৰা নাছিল ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande