
শিৱসাগৰ, ১৮ জুলাই (হি.স.)। শিৱসাগৰৰ হালোৱাটিঙত চোৰাং গৰু জব্দ।হালোৱাটিং আৰক্ষীয়ে জব্দ কৰিছে ১২ টাকৈ চোৰাং গৰু।গৰু সৰবৰাহকাৰীয়ে নাগালেণ্ডলৈ অবৈধভাৱে চালান দিয়াৰ সময়তে হালোৱাটিং আৰক্ষীয়ে জব্দ কৰে।
মিছাজান আৰু হালোৱাটিং নেপালিবস্তীৰ পৰা দীৰ্ঘদিনৰ পৰা চোৰাং গৰু নাগালেণ্ডলৈ একাংশ অবৈধ ব্যৱসায়ীয়ে সৰবৰাহ কৰি আহিছিল।আৰক্ষীৰ অভিযানত ১২ টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয় যদিও গৰু সৰবৰাহৰ মূল মাষ্টাৰ মাইণ্ড পলাই সৰা বুলি প্ৰকাশ। আৰক্ষীয়ে গৰু সৰবৰাহকাৰীক কৰায়ত্ত কৰিবৰ কাৰণে অভিযান অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ