বিলাসীপাৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট জিলা আমছুৰ
ধুবুৰী, ১৮ জুলাই (হি.স.)। বিলাসীপাৰা সমজিলাৰ বিলাসীপাৰা,চাপৰ আৰু গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৬৩ খন ৰাজহ গাঁও কৰ্তন কৰি ফকিৰগঞ্জ আৰক্ষী থানাত অন্তৰ্ভুক্তি কৰাত জাঙুৰ খাই উঠিছে বিলাসীপাৰা জিলা আমছুই । জিলা আমছুৰ উদ্যোগত বিলাসীপাৰা সমজিলা আয়ুক্তৰ
বিলাসীপাৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট জিলা আমছুৰ


ধুবুৰী, ১৮ জুলাই (হি.স.)। বিলাসীপাৰা সমজিলাৰ বিলাসীপাৰা,চাপৰ আৰু গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৬৩ খন ৰাজহ গাঁও কৰ্তন কৰি ফকিৰগঞ্জ আৰক্ষী থানাত অন্তৰ্ভুক্তি কৰাত জাঙুৰ খাই উঠিছে বিলাসীপাৰা জিলা আমছুই ।

জিলা আমছুৰ উদ্যোগত বিলাসীপাৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

অসমৰ গৃহ বিভাগে ৬৩ খন ৰাজহ গাঁও কৰ্তন কৰাৰ সিদ্ধান্তক সহজ ভাৱে মানি ল'ব পৰা নাই আমছূৱে ।

কিয়নো এই গাওঁ ৬৩ খনৰ সৰ্ব সাধাৰণ ৰাইজে আইন সম্পৰ্কীয় কাম কাজৰ বাবে এক ডেৰ শ কিলোমিটাৰ বাট অতিক্ৰম কৰিব লাগিব ।

ফলত আৰ্থিক ভাবে জুৰুলা হোৱাৰ লগতে অধিক সময় খৰচ কৰিব লাগিব ।

সেয়ে গৃহ বিভাগৰ এনে হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীত সাব্যস্ত কৰে এই অৱস্থান ধৰ্মঘট ।

ধৰ্মঘটৰ অন্তত বিলাসীপাৰা সম জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande