
শোণিতপুৰ, ১৮ জুলাই (হি.স.)। সদ্যঘোষিত সৰ্বভাৰতীয় পৰ্য্যায়ৰ নীট পৰীক্ষাত উত্তীৰ্ণ শোণিতপুৰৰ বালিপৰাৰ এৰাগাৱৰ মাহিলীবস্তীৰ কুনাল ঠাকুৰ
। সদ্যঘোষিত সৰ্বভাৰতীয় পৰ্য্যায়ৰ নীট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে বালিপৰাৰ এৰাগাঁও মাহিলীবস্তীৰ কুনাল ঠাকুৰ নামৰ এজন মেধাবী ছাত্ৰ।গাঁওখনৰ নিবাসী সন্তোষ ঠাকুৰ আৰু বেবী ঠাকুৰৰ জ্যেষ্ঠ পুত্ৰই সৰ্বভাৰতীয় পৰ্য্যায়ৰ পৰীক্ষাত ৪৫২ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
পেচাত এগৰাকী নাপিতৰ (চেলুনৰ ব্যৱসায়)কৰা ব্যৱসায়ী কুনালৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে ছাত্ৰ গৰাকীৰ পিতৃ মাতৃৰ লগতে অঞ্চলবাসী ৰাইজ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা