
গুৱাহাটী, ১৮ জুলাই (হি.স.) : অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ৰাজ্যবাসীৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱক জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।
ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰা এক শুভেচ্ছা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে, বৈষ্ণৱৰ সবল নেতৃত্বত ভাৰতীয় ৰে'ল ব্যৱস্থাৰ আধুনিকীকৰণে নতুন গতি লাভ কৰিছে। লগতে তথ্য-প্ৰযুক্তি, ইলেক্ট্ৰনিকছ উৎপাদন আৰু তথ্য-সম্প্ৰচাৰ খণ্ডতো তেওঁৰ নেতৃত্বত দেশৰ অগ্ৰগতি অধিক শক্তিশালী হৈছে বুলি তেওঁ উল্লেখ কৰে।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, অসমৰ প্ৰয়োজনৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সদায় ৰাজ্যখনৰ কাষত থিয় দিছে । মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত তেওঁৰ সুস্বাস্থ্য, সুখ-সমৃদ্ধি আৰু আগন্তুক দিনসমূহত অধিক সফলতা কামনা কৰে ড০ শৰ্মাই।
-----------
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ