
কোকৰাঝাৰ, ১৮ জুলাই (হি.স.)। গোসাইগাঁও মহকুমাৰ পদ্মবিলত এটি আদিবাসী পৰিয়ালৰ মাটি আছিৰুদ্দিন মিঞা নামৰ এগৰাকী ব্যক্তিয়ে অবৈধভাবে নিজৰ নামত নামজাৰি কৰাৰ অভিযোগ উত্থাপন হৈছে৷ জানিব পৰামতে পদ্মবিল বাসিন্দা প্ৰয়াত প্ৰকাশ লাক্ৰাৰ পত্নী গুমি লাক্ৰাই বসবাস কৰা মাটিডোখৰ আছিৰুদ্দন মিঞাই অবৈধভাবে নিজৰ নামত কৰি নিছে৷
গুমি লাক্ৰাই উল্লেখ কৰে যে তেওৰ স্বামীয়ে উক্ত মাটি ক্ৰয় কৰিছিল আৰু বিগত ৩০ বছৰৰ পৰা উক্ত ঠাইত বসবাস কৰি আছে। কিন্তু হঠাৎ আছিৰুদ্দিন মিঞাই দাবী কৰে যে তেও ১৯৯৩ চনত মাটি ডোখৰ ক্ৰয় কৰিছে৷
কিন্তু মাটি ক্ৰয় কৰা নথিত সাক্ষী হিচাপে উল্লেখ থকা ছটু টুডু ১৯৯৩ চনৰ পূৰ্বে মৃত্যু হৈছে৷ ইপিনে প্ৰকাশ লাক্ৰা ২০১৯ চনত মৃত্যু হৈছে আৰু আছিৰুদ্দিন মিঞাই ২০২১ চনত হে মামলা কৰিছে৷ আনকি মামলা অব্য়াহত থকাৰ সময়তে ২০২২ চনত মাটিৰ নামজাৰি কৰিছে৷ গতিকে ন্যায়ালয়ত বিচাৰাধীন হৈ থকা মাটিৰ নামজাৰি কেনেকৈ হব পাৰে বুলি প্ৰশ্ন হৈছে৷ গুমি লাক্ৰাই উল্লেখ কৰে যে ৩০ বছৰ মান পূৰ্বে তেওৰ স্বামীয়ে সৰ্বেশ্বৰ বড়োৰ পৰা উক্ত মাটি ক্ৰয় কৰিছিল। ইপিনে কালি উচ্ছেদ কৰিব বুলি ন্যায়ালয়ৰ পৰা জাননী লাভ কৰাৰ পিছত হতাশ হৈ পৰিছে পৰিয়ালটো। এয়া আদিবাসীৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি অভিযোগ কৰিছে আদিবাসী দল সংগঠনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ