
গুৱাহাটী, ১৮জুলাই(হি.স.)। সোনম ৱাংছুকৰ সমৰ্থনত সদৌ অসম ছাত্ৰ সন্থা(আছু)ই এক গণতান্ত্ৰিক প্ৰতিবাদী পদক্ষেপ গ্ৰহণ কৰিছে। ৱাংচুকৰ গণতান্ত্ৰিক সংগ্ৰামৰ প্ৰতি সমৰ্থন আগবঢ়াই অহা ১৯ জুলাইত সমগ্ৰ অসমজুৰি সন্ধিয়া ৰাজ্যৰ প্ৰতিখন জিলা আৰু মহকুমা সদৰত ‘মমবাতি প্ৰজ্বলন’ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত ছাত্ৰ সন্থাৰ নেতৃত্বই জানিবলৈ দিয়ে যে, সোনম ৱাংচুকে উত্থাপন কৰা বিষয় সমূহ দেশৰ ভৱিষ্যৎ আৰু নতুন প্ৰজন্মৰ সুৰক্ষাৰ সৈতে জড়িত। সেয়েহে এই বিষয়ত দেশৰ জনসাধাৰণ আৰু ছাত্ৰ-যুৱ সমাজৰ উদ্বেগক গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়োজন আছে।
আছুৱে কেন্দ্ৰীয় চৰকাৰক আলোচনাৰ জৰিয়তে বিষয়টোৰ এক গ্ৰহণযোগ্য আৰু স্থায়ী সমাধান উলিয়াবলৈ আহ্বান জনাইছে। গণতান্ত্ৰিক ব্যৱস্থাত মত প্ৰকাশ আৰু দাবী উত্থাপনৰ অধিকাৰ সুৰক্ষিত থকাটো অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰি সংগঠনটোৱে কয় যে, অহিংস আৰু গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি চৰকাৰে সদায় শ্রদ্ধাশীল হ’ব লাগে
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ