সদ্য ঘোষিত এন ই ই টি পৰীক্ষাত সফলতা আমগুৰিৰ নামতিৰ শালকাঠনিৰ আকাশ ৰঞ্জন দত্তৰ
শিৱসাগৰ, ১৮ জুলাই (হি.স.)। সদ্য ঘোষিত নীট পৰীক্ষাত সফলতাৰে উজলিল আমগুৰিৰ নামতি শালকাঠনিৰ আকাশ ৰঞ্জন দত্ত। শালকাঠনি গাঁৱৰ অনিল দত্ত আৰু ইনুমা দত্তৰ সুযোগ্য সন্তান আকাশ ৰঞ্জন দত্তই ৫৪৫ নম্বৰেৰে ৯৭.৯০৬ শতাংশ সহ সৰ্বভাৰতীয় পৰ্যায়ত ৪১৪৭৫ স্থান লাভ কৰি
সদ্য ঘোষিত এন ই ই টি পৰীক্ষাত সফলতা আমগুৰিৰ নামতিৰ শালকাঠনিৰ আকাশ ৰঞ্জন দত্তৰ


শিৱসাগৰ, ১৮ জুলাই (হি.স.)। সদ্য ঘোষিত নীট পৰীক্ষাত সফলতাৰে উজলিল আমগুৰিৰ নামতি শালকাঠনিৰ আকাশ ৰঞ্জন দত্ত।

শালকাঠনি গাঁৱৰ অনিল দত্ত আৰু ইনুমা দত্তৰ সুযোগ্য সন্তান আকাশ ৰঞ্জন দত্তই ৫৪৫ নম্বৰেৰে ৯৭.৯০৬ শতাংশ সহ সৰ্বভাৰতীয় পৰ্যায়ত ৪১৪৭৫ স্থান লাভ কৰি বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।সৰুৰে পৰা মেধা সম্পন্ন ছাত্ৰ জনে চিকিৎসক হোৱাৰ সপোন পুহি ৰখা আকাশ ৰঞ্জন দত্তই এটা মধ্য বৃত্ত পৰিয়ালৰ পৰা কঠোৰ অধ্যয়ন আৰু পৰিশ্ৰমৰ ফলতে গাঁও খনৰ পৰা চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰিবলৈ প্ৰৱেশ পৰীক্ষাত উৰ্ত্তীণ হোৱাত ঘৰ খনৰ লগতে গাঁও খনত আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে।গাঁওবাসীয়ে ইতিমধ্যে আকাশ ৰঞ্জনক ৰাজহুৱা ভাৱে সম্বৰ্ধনায়ো জ্ঞাপন কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande