
কোকৰাঝাৰ, ১৭ জুলাই (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গোসাঁইগাঁৱৰ বল্লমগুৰিত যোৱা কালি বৃহস্পতিবাৰে নিশাৰ এন্ধাৰত হাতত বন্দুক লৈ বহিঃৰাজ্যৰ চাৰি যুৱকে মুক্ত বিচৰণ কৰা পৰিলক্ষিত হয় । এই ঘটনাই গোসাঁইগাঁৱৰ বল্লমগুৰিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে । গাঁৱৰ ৰাইজে খেদি খেদি আটক কৰিলে বন্দুকধাৰী চাৰি যুৱকক।
জানিব পৰা মতে বহিঃৰাজ্যৰ যুৱকৰ দলটোৱে উক্ত গাঁওখনৰ ভিতৰুৱা পথেদি অনাই বনাই ঘূৰি ফুৰা প্ৰত্যক্ষ কৰি গাঁৱৰ ৰাইজৰ সন্দেহ ওপজে আৰু উক্ত যুৱকৰ দলটোৰক সোধ-পোছ কৰাৰ লগে লগে দৌৰি পলায়নৰ চেষ্টা কৰে যদিও ৰাইজৰ তৎপৰতাত উক্ত বন্দুকধাৰী দলটোক আটক কৰিবলৈ সক্ষম হয় । ঘটনাৰ খবৰ পাই গোসাঁইগাঁৱ মহকুমা আৰক্ষী বিষয়া মণ্টু ৰাম বৰা আৰু গোসাঁইগাঁও আৰক্ষীৰ এটা দল ঘটনস্থলীত উপস্থিত হৈ দুৰ্বৃত্তৰ দলটোক গ্ৰেপ্তাৰ কৰে । দুৰ্বৃত্তৰ দলটোৰ পৰা আৰক্ষীয়ে এখন হস্তনিৰ্মিত বন্দুক সহ এটা গুলী জব্দ কৰে।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক চাৰিজন উত্তৰ প্ৰদেশৰ ধৰম বীৰ গৌতম (২৫), সুৰজ গৌতম (৩২), বিকাশ চৌধুৰী (২৫) আৰু নিমাজিছ আলী বুলি পৰিচয় পোৱা গৈছে । যুৱক কেইজনে কি উদ্দেশ্যৰে গোসাঁইগাঁৱৰ বল্লমগুৰিলৈ আহিছিল সেয়া আৰক্ষীয়ে সোধা–পোছা অব্য়াহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ