নাজিৰাৰ লখিমী পুখুৰীৰ ৩৭ বছৰীয়া যুৱক সন্ধানহীন
শিৱসাগৰ, ১৭ জুলাই (হি.স.)। নাজিৰাৰ লখিমী পুখুৰীৰ ৩৭ বছৰীয়া যুৱক সন্ধানহীন। নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত জয়খামদাংখাট গাঁৱৰ লখিমী পুখুৰী অঞ্চলৰ ৩৭ বছৰীয়া এজন যুৱক যোৱা ১২ জুলাইৰ নিশা নিজা ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা ঘটন
নাজিৰাৰ লখিমী পুখুৰীৰ ৩৭ বছৰীয়া যুৱক সন্ধানহীন


শিৱসাগৰ, ১৭ জুলাই (হি.স.)। নাজিৰাৰ লখিমী পুখুৰীৰ ৩৭ বছৰীয়া যুৱক সন্ধানহীন। নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত জয়খামদাংখাট গাঁৱৰ লখিমী পুখুৰী অঞ্চলৰ ৩৭ বছৰীয়া এজন যুৱক যোৱা ১২ জুলাইৰ নিশা নিজা ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, সেই দিনা নিশা প্ৰায় ১২ বজাৰ পিছত ঘৰৰ পৰা ওলাই গৈছিল ৰমেন গগৈ নামৰ বিবাহিত যুৱকজন । পুৱা পৰিয়ালৰ লগতে স্থানীয় ৰাইজে অঞ্চলটোত বিচাৰ খোচাৰ কৰি থাকোঁতে লখিমী পুখুৰীৰ পাৰত ৰমেন গগৈয়ে পিন্ধি থকা চেণ্ডেলজোৰ দেখা পোৱাত লগে লগে স্থানীয় গাওঁ প্ৰধান সহিতে পৰিয়ালৰ লোকে নাজিৰা আদৰ্শ আৰক্ষী থানাত লিখিত ভাৱে ঘটনাৰ বিষয়ে অৱগত কৰে।

তাৰোপৰি এছ ডি আৰ এফৰ লোকে যোৱা দুদিন ধৰি লখিমী পুখুৰীত অনুসন্ধান চলাই যদিও কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম নহ'ল। কোনো লোকে যদি যুৱকজনৰ কিবা সম্ভেদ লাভ কৰে তেনে সমীপৰ আৰক্ষী থানাৰ লগতে ভ্ৰাম্যভাষ ৯৩৬৫৪২৬০০২ অথবা ৯৮৫৯৫৫২৭৪৭ নম্বৰত ফোন যোগে জনাবৰ বাবে অনুৰোধ জনাইছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande