
শোণিতপুৰ, ১৬ জুলাই (হি.স.)। অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বৃদ্ধি পাই আহিছে জীয়া ভৰলী নদীৰ জলস্তৰ। ব্ৰহ্মপুত্ৰৰ এই প্ৰধান উপনৈ খনৰ পানী অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাত বৰ্তমান তীব্র আতংকই বিৰাজ কৰিছে জামুগুৰিহাটৰ নদীপৰীয়া অঞ্চল সমূহত। বিশেষকৈ গতাইমাৰি, দীঘলী চাপৰি আৰু লালেটাপুকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজ এতিয়া নিজৰ জীৱন আৰু সা-সম্পত্তিক লৈ চৰম চিন্তিত হৈ পৰিছে।
পাহাৰীয়া পানীৰ ঢলে নদীৰ জল স্তৰ বৃদ্ধি কৰাত নদীপৰীয়া পৰিয়াল এতিয়া শংকিত হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা