নুমলীগড়ৰ সমীপৰ মৰঙি ৰাজহচক্ৰ কাৰ্যালয় ঘেৰাও কৰি মহিলাৰ তীব্ৰ প্ৰতিবাদ
গোলাঘাট, ১৭ জুলাই (হি.স.)। নুমলীগড়ৰ সমীপৰ মৰঙি ৰাজহচক্ৰ কাৰ্যালয় ঘেৰাও কৰি মহিলাৰ তীব্ৰ প্ৰতিবাদ৷ অবৈধ বহু বিবাহত লিপ্ত বৰষা বৰা আৰু প্ৰবঞ্চক পাপ্লু নাগক গ্ৰেপ্তাৰৰ দাবী৷এগৰাকী অবৈধ বহু বিবাহিত নাৰীয়ে যোৱা চাৰিটা দিন উত্তাল কৰি ৰাখিছে মৰঙিৰ
নুমলীগড়ৰ সমীপৰ মৰঙি ৰাজহচক্ৰ কাৰ্যালয় ঘেৰাও কৰি মহিলাৰ তীব্ৰ প্ৰতিবাদ


গোলাঘাট, ১৭ জুলাই (হি.স.)। নুমলীগড়ৰ সমীপৰ মৰঙি ৰাজহচক্ৰ কাৰ্যালয় ঘেৰাও কৰি মহিলাৰ তীব্ৰ প্ৰতিবাদ৷ অবৈধ বহু বিবাহত লিপ্ত বৰষা বৰা আৰু প্ৰবঞ্চক পাপ্লু নাগক গ্ৰেপ্তাৰৰ দাবী৷এগৰাকী অবৈধ বহু বিবাহিত নাৰীয়ে যোৱা চাৰিটা দিন উত্তাল কৰি ৰাখিছে মৰঙিৰ দৈগ্ৰোং অঞ্চল৷ প্ৰথম অভিযোগ বহু বিবাহ৷ বিবাহ বিচ্ছেদ নোহোৱাকৈ স্বামী - সন্তানক এৰি ইটোৰ পিছত সিটোৰ লগত সংসাৰ কৰি সমাজ কলুষিত কৰা৷ দ্বিতীয় অভিযোগ নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন পুজিৰ নাম মাত্ৰৰ কাম কৰি ধন আত্মসাৎ৷

তৃতীয় অভিযোগ দৈগ্ৰোঙৰ এটা সহজ সৰল পৰিয়ালক প্ৰলোভন দি মাটি ভেটি দখল কৰি ষ্টীল ফাৰ্ণিছাৰৰ উদ্যোগ স্থাপন কৰা৷ আৰু এই উদ্যোগটোত বিদ্যুত চুৰিৰে অবৈধভাবে ফেক্টৰী চলোৱাত স্থানীয় হিৰু গগৈয়ে বিদ্যুত চুৰিৰ বিৰোধিতা কৰাৰ বাবে পাপ্লু নাগ আৰু বৰষা বৰাই মাৰপিট কৰি হিৰু গগৈক গুৰুতৰ ভাবে আহত কৰে৷ এই সকলো অভিযোগ দাখিলেৰে ৰাজহচক্ৰ বিষয়া কাৰ্যলয় উত্তাল কৰাৰ লগতে দুই অভিযুক্তক দৈগ্ৰোংবাসীৰ ওচৰত ৰাজহুৱা ক্ষমা ভিক্ষাৰ দাবী জনোৱাৰ লগতে আইনী ব্যবস্থা গ্ৰহণৰ দাবী জনায়৷ অন্যথা দৈগ্ৰোঙৰ বজাৰ এলেকাত থকা পাপ্ল নাগ আৰু বৰষা বৰাৰ ব্যবসায়ীক প্ৰতিষ্ঠান সমুহ ৰাইজে বন্ধ কৰি ৰাখিব বুলিও সকিয়াই দিয়ে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande