
শিৱসাগৰ, ১৭ জুলাই (হি.স.)। শিৱসাগৰত চোৰাং গৰু সহ বাহন জব্দ। এএছ ০২ডিচি ৮৪৫৪ নম্বৰৰ এখন বলেৰ পিক আপ বাহনত শিৱসাগৰ বামবাৰীৰ পৰা নগাৱলৈ সৰবৰাহ কৰা হৈছিল ১২ টাকৈ চোৰাং গৰু। শিৱসাগৰৰ বামবাৰীৰ পৰা নগাৱৰ ছৰিফুল ইছলাম নামৰ এজন ব্যক্তিয়ে সৰবৰাহ কৰিছিল জব্দকৃত গৰুখিনি।
শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাই চোৰাং গৰু আৰু বাহন খন জব্দ কৰাৰ লগতে চালক আৰু হেণ্ডিমেনক আটক কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ