
শিৱসাগৰ, ১৭জুলাই (হি.স.)। গেলেকীত নিশা উপস্থিত দুজনীয়া বিশেষজ্ঞৰ দল। একাদশ দিনত ভৰি দিলে ভূগৰ্ভৰ পৰা নিৰ্গত গেলেকীৰ গেছ নিৰ্গমণ ৷ নিৰ্গমণ ৰোধৰ উদ্দেশ্যৰে দুজনীয়া বিশেষজ্ঞৰ দল উপস্থিত গেলেকীত । অ এন জি চিয়ে বিভিন্ন পন্থাৰে গেছ নিৰ্গমণ ৰোধৰ চেষ্টা চলাইছে যদিও ব্যৰ্থ হৈছে নিৰ্গমণ ৰোধত ৷
গেলেকীৰ বিষ্ণুপুৰ আদৰ্শ গাঁৱত বাহিৰৰ পৰা অহা বিশেষজ্ঞৰ দলে পৰ্যবেক্ষন কৰিছে নিৰ্গমণৰ পৰিস্থিতি ৷ অসম এচেটৰ তৰফৰ পৰা চিমেন্টিংৰ পাছত বেৰাইট নামৰ কেমিকেল ব্যৱহাৰ কৰিও সফল হব নোৱাৰিলে অ এন জি চিৰ নিৰ্গমন৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু