ওদালগুৰি জিলাৰ গৰুৱাঝাৰত পুখুৰীত পৰি দুই কণমানি শিশুৰ সলিল সমাধি
ওদালগুৰি, ১৭ জুলাই (হি.স.)। ভাৰত-ভূটান সীমান্তৰ ওদালগুৰি জিলাৰ পানেৰী গৰুৱাঝাৰত শোকাৱহ ঘটনা , একেলগে দুই শিশুৰ সলিল সমাধি ।ঘৰৰ ওচৰতে থকা পুখুৰীত গা ধুবলৈ গৈ দুটাকৈ শিশু পুখুৰীৰ পানীত পৰি সলিল সমাধি ঘটে। পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰি
ওদালগুৰি জিলাৰ গৰুৱাঝাৰত পুখুৰীত পৰি দুই কণমানি শিশুৰ সলিল সমাধি


ওদালগুৰি, ১৭ জুলাই (হি.স.)। ভাৰত-ভূটান সীমান্তৰ ওদালগুৰি জিলাৰ পানেৰী গৰুৱাঝাৰত শোকাৱহ ঘটনা , একেলগে দুই শিশুৰ সলিল সমাধি ।ঘৰৰ ওচৰতে থকা পুখুৰীত গা ধুবলৈ গৈ দুটাকৈ শিশু পুখুৰীৰ পানীত পৰি সলিল সমাধি ঘটে। পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰি কোনো সন্ধান নোপোৱাত পুখুৰীত বিচাৰোতে দুয়োটা শিশুৰ নিথৰ দেহ উদ্ধাৰ হয় ।

পুখুৰীৰ পৰা উদ্ধাৰ কৰি ডিমাকুছি চিকিৎসালয়লৈ সংকটজনক অৱস্থাত লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৃত শিশু দুজন হৈছে গৰুৱাঝাৰৰ চৰিফুল আলীৰ পুত্ৰ ৰছিদুল আলী (৯) আৰু খৱীৰ হুছেইনৰ পুত্ৰ ইক্ৰামুল হুছেইন (৮) । ১ নং গৰুৱাঝাৰৰ একেটা পৰিয়ালৰে বায়েক-ভায়েকৰ আছিল মৃত শিশু দুজন। একেলগে দুটাকৈ শিশু পুখুৰীত পৰি মৃত্যু হোৱাৰ ঘটনাই গৰুৱাঝাৰত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande