
বঙাইগাও, ১৭ জুলাই (হি.স.)।
যোগীঘোপাত ছোৱালী মাদ্ৰাছাত ছাত্ৰীক শিক্ষকৰ নিৰ্যাতন প্ৰসংগত
পুনৰ দুজনক গ্ৰেপ্তাৰ ।
গ্ৰেপ্তাৰ হোৱা ব্যক্তি দুজন ক্ৰমে আব্দুল জব্বৰ আৰু হজৰত আলী।
আব্দুল জব্বৰ আৰু হজৰত আলী মাদ্ৰাছা খনৰ ন্যাসৰক্ষী ( TRUSTEE) ৰ দায়িত্বত আছিল।
বৰ্তমানলৈকে উক্ত ঘটনাৰ সৈতে জড়িত থকা সৰ্বমুঠ চাৰিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব সক্ষম হৈছে।
গ্ৰেপ্তাৰ হোৱা ব্যক্তি কেইজন ক্ৰমে মাদ্ৰাছা খনৰ প্ৰধান শিক্ষক ওমৰ ফাৰুক, মূল অভিযুক্ত লম্পট শিক্ষক আমিনুল ইছলাম, আব্দুল জব্বৰ আৰু হজৰত আলী।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা