শোণিতপুৰৰ বালিপৰাত সংঘটিত পথ দুৰ্ঘটনাত তিনিজন গুৰুতৰ ভাবে আহত
শোণিতপুৰ, ১৭ জুলাই (হি.স.)। শোণিতপুৰৰ বালিপৰাত সংঘটিত পথ দুৰ্ঘটনাত তিনিজন গুৰুতৰ ভাবে আহত। দুৰ্ঘটনাত আহত হয় তিনিজন যুৱক। ৰঙাপৰা দিশৰ পৰা অহা এখন তীব্ৰবেগী মটৰচাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই একে দিশৰে পৰা অহা এএছ -৩২বি -২৩২৪ নম্বৰৰ বাহনত খুণ্ডা মৰাৰ ফলত ব
শোণিতপুৰৰ বালিপৰাত সংঘটিত পথ দুৰ্ঘটনাত তিনিজন গুৰুতৰ ভাবে আহত


শোণিতপুৰ, ১৭ জুলাই (হি.স.)। শোণিতপুৰৰ বালিপৰাত সংঘটিত পথ দুৰ্ঘটনাত তিনিজন গুৰুতৰ ভাবে আহত। দুৰ্ঘটনাত আহত হয় তিনিজন যুৱক। ৰঙাপৰা দিশৰ পৰা অহা এখন তীব্ৰবেগী মটৰচাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই একে দিশৰে পৰা অহা এএছ -৩২বি -২৩২৪ নম্বৰৰ বাহনত খুণ্ডা মৰাৰ ফলত বাইকত থকা তিনিজন আৰোহী গুৰুতৰভাবে আহত হয়।

আহত আটাই কেইজনকে বালিপৰা প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেললৈ প্ৰেৰণ কৰে। আহত যুৱক কেইজন ক্ৰমে মিছামাৰীৰ বিকাশ ভুমিজ,আৰু ফুলবাৰীৰ বিশাল তাঁতী আৰু ৰাজীব তাঁতী বুলি জানিব পৰা গৈছে। যুৱক কেইজন একেখন বাইকতে আহিছিল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande