
তিনিচুকীয়া, ১৭ জুলাই (হি.স.)। কৃত্ৰিম বানৰ কৱলত মাকুম সমষ্টিৰ বৰগুৰি অঞ্চলৰ ৰাইজ। তিনিচুকীয়াৰ বাইপাছত নিৰ্মাণৰত উৰণীয়া সেতুৰ বাবেই জীয়াতু ভুগিব লগা হৈছে মাকুম সমষ্টিৰ বৃহত্তৰ বৰগুৰি অঞ্চলৰ বাসিন্দা।
যাতায়তৰ বাবে ব্যৱহাৰ কৰিবলগীয়া হৈছে ভূৰ। ইতিমধ্যে কৃত্ৰিম বানত ডুব অঞ্চলটোৰ বহু লোকৰ ঘৰ-বাৰী।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা