গোসাইগাঁৱত চিলনী চোৰৰ সন্ত্ৰাস
কোকৰাঝাৰ, ১৭ জুলাই (হি.স.)। গোসাইগাঁৱত চিলনী চোৰৰ সন্ত্ৰাস। মহিলাৰ পৰা কাঢ়ি নিলে সোনৰ চেইন। গোসইগাঁও সদৰ চহৰৰ ডি কে ৰোডৰ তিনি নম্বৰ ওৱাৰ্ডত এই ঘটনা। সদৰ চহৰৰ বাসিন্দা পুনম চন্দ গোলচাৰ পত্নী কান্তা দেবী গোলচাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে সোনৰ চেইন। প
গোসাইগাঁৱত চিলনী চোৰৰ সন্ত্ৰাস


কোকৰাঝাৰ, ১৭ জুলাই (হি.স.)। গোসাইগাঁৱত চিলনী চোৰৰ সন্ত্ৰাস। মহিলাৰ পৰা কাঢ়ি নিলে সোনৰ চেইন।

গোসইগাঁও সদৰ চহৰৰ ডি কে ৰোডৰ তিনি নম্বৰ ওৱাৰ্ডত এই ঘটনা। সদৰ চহৰৰ বাসিন্দা পুনম চন্দ গোলচাৰ পত্নী কান্তা দেবী গোলচাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে সোনৰ চেইন। প্ৰায় এক তোলা ওজনৰ আছিল সোনৰ চেইনটো। আপাচি মোটৰ চাইকেলত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে কাঢ়ি নিলে সোনৰ চেইল ডাল।ঘটনাত গোসাইগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande