
নগাঁও, ১৭ জুলাই (হি.স.): নগাঁও জিলাৰ চামগুৰিত দিনে-নিশাই অব্য়াহত আছে বন্য হস্তীৰ তাণ্ডৱ। চামগুৰিৰ গেন্ধালীত বন্য হস্তীৰ উপদ্ৰপত অতিষ্ঠ হৈ পৰিছে ৰাইজ ।
চামগুৰিৰ গেন্ধালী অঞ্চলত সাতৰ পৰা ন জনীয়া এটা বন্য হস্তীৰ দলৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পোৱাত আতংকৰ মাজেৰে দিন কটাইছে স্থানীয় ৰাইজে । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হস্তীৰ জাকটোৱে ঘৰে-দুৱাৰৰ ব্যাপক ক্ষতিসাধন কৰাৰ লগতে কেইবাখনো বিদ্যালয়তো ক্ষতি সাধন কৰিছে । ইয়াৰ উপৰিও বিস্তীৰ্ণ খেতি-পথাৰ নষ্ট হোৱাত কৃষকসকলো বিপদত পৰিছে ।
স্থানীয় লোকসকলে অভিযোগ কৰিছে যে বন বিভাগে কেৱল ফটকা বিতৰণ কৰি দায়িত্ব সামৰিবলৈ চেষ্টা কৰিছে, কিন্তু সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগীসকলে । গেন্ধালীবাসীয়ে নগাঁও জিলা আয়ুক্তৰ ওচৰত অঞ্চলটোত স্থায়ীভাৱে বন বিভাগৰ এটা শিবিৰ স্থাপন কৰাৰ লগতে বন্য হস্তীৰ উপদ্ৰৱ ৰোধৰ বাবে তাৎক্ষণিক আৰু স্থায়ী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ