এতিয়া গৰমৰ বন্ধৰ, ভিৰ সোণাপুৰ ছায়েন্স চিটিত
গুৱাহাটী, ১৭ জুলাই (হি.স.)। গৰম বন্ধৰ সময়ত ভিৰ সোণাপুৰৰ ছায়েন্স চিটিত। বিজ্ঞান সম্পৰ্কীয় তথ্যৰ জ্ঞান লাভৰ বাবে শিক্ষাৰ্থীসকলে ভিৰ কৰিছে ছায়েন্স চিটিত। অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা পৰিচালিত এই ছায়েন্স চিটিত আছে দুটাকৈ বিশ
গৰম বন্ধৰ সময়ত ভিৰ সোণাপুৰৰ Science City ত


গৰম বন্ধৰ সময়ত ভিৰ সোণাপুৰৰ Science City ত


গুৱাহাটী, ১৭ জুলাই (হি.স.)। গৰম বন্ধৰ সময়ত ভিৰ সোণাপুৰৰ ছায়েন্স চিটিত। বিজ্ঞান সম্পৰ্কীয় তথ্যৰ জ্ঞান লাভৰ বাবে শিক্ষাৰ্থীসকলে ভিৰ কৰিছে ছায়েন্স চিটিত।

অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা পৰিচালিত এই ছায়েন্স চিটিত আছে দুটাকৈ বিশেষ গেলাৰী।

প্ৰথমটো গেলাৰী ইউৰেকাত আছে ফান উইথ এক্সিবিট আৰু দ্বিতীয়টো গেলাৰী অডিচিত আছে এছট্ৰোনমি এক্সিবিটৰ বিভিন্ন বিজ্ঞান সম্পৰ্কীয় প্ৰযুক্তি তথা তথ্য।

গৰম বন্ধৰ সময়ছোৱাত ছায়েন্স চিটি লৈ অহা প্ৰতিগৰাকী শিক্ষাৰ্থী আৰু অভিভাৱকসকলে চৰকাৰৰ এই অভিলাষী প্ৰকল্পৰ কথা উল্লেখনীয় আৰু ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকল বহুত উপকৃত হ'ব বুলি মন্তব্য কৰে।

আনহাতে ছায়েন্স চিটি ৰ বিষয়াসকলে কয় যে গৰম বন্ধৰ সময়ছোৱাত শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণ বহুত বেছি বৃদ্ধি পাইছে আৰু গেলাৰী দুটা পৰিদৰ্শন কৰি শিক্ষাৰ্থীসকলে বিজ্ঞানৰ ওপৰত বহুতো জ্ঞান আহৰণতো সুবিধা লাভ কৰিছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande