গোলকগঞ্জত আৰক্ষীৰ অভিযানত চোৰাং কাঠভৰ্তি বাহন সহ ৪ জনক আটক
ধুবুৰী, ১৭ জুলাই (হি.স.)। গোলকগঞ্জ চাৰিআলি অঞ্চলত আৰক্ষীয়ে অভিযান চলাই এখন কাঠভৰ্তি ব''লেৰো পিক-আপ ভেন সহ ৪ জনক আটক কৰে । মানুহৰ ঘৰৰ বাগানৰ আম আৰু ভেল্লী গছৰ কুণ্ডা বোজাই কৰি পশ্চিমবঙ্গলৈ নিয়াৰ পথত আৰক্ষীয়ে বাহন খন আটক কৰে পিছত ধুবুৰী বন বিভাগৰ লোক
গোলকগঞ্জত আৰক্ষীৰ অভিযানত চোৰাং কাঠভৰ্তি বাহন সহ ৪ জনক আটক


ধুবুৰী, ১৭ জুলাই (হি.স.)। গোলকগঞ্জ চাৰিআলি অঞ্চলত আৰক্ষীয়ে অভিযান চলাই এখন কাঠভৰ্তি ব'লেৰো পিক-আপ ভেন সহ ৪ জনক আটক কৰে । মানুহৰ ঘৰৰ বাগানৰ আম আৰু ভেল্লী গছৰ কুণ্ডা বোজাই কৰি পশ্চিমবঙ্গলৈ নিয়াৰ পথত আৰক্ষীয়ে বাহন খন আটক কৰে পিছত ধুবুৰী বন বিভাগৰ লোকক চমজাই দিয়ে ।

আটক আগমনি থানাৰ অন্তৰ্গত লহাজনীৰ বাসিন্দা আইনুল হক, গোলকগঞ্জ থানাৰ অন্তৰ্গত উত্তৰ ৰাইপুৰৰ বাসিন্দা আশ্ৰাফুল হক, আব্দুল মালিক শ্বেইখ আৰু মজনু আহমেদ । জব্দকৃত এএছ ০১চি ৫৯০৯ নম্বৰৰ বাহন খনত আছিল বুজন পৰিমাণৰ ঘৰুৱা কাঠৰ কুণ্ডা । অধিক তথ্যৰ বাবে আটকাধীন চাৰিজনকে ধুবুৰী ফৰেষ্ট চেক ষ্টেচনত জেৰা অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande