
গোলাঘাট, ১৭ জুলাই (হি.স.)। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত উৰিয়ামঘাটৰ ২ নং যুৰদলং গাঁৱত খৰাং পৰিস্থিতিয়ে কৃষকসকলৰ মাজত যঠেষ্ট চিন্তাই বিৰাজ কৰিছে।পানীৰ তীব্ৰ অভাৱৰ বাবে এইবাৰ বহু কৃষকে সময়মতে খেতি আৰম্ভ কৰিব পৰা নাই।কৃষকসকলে কঠীয়া পাৰিছিল যদিও পৰ্যাপ্ত পানী নথকাৰ ফলত বহু ঠাইত কঠীয়া জ্বলি যোৱাৰ অভিযোগ উত্থাপিত হৈছে।
ইফালে, ২০১০ চনতে উৰিয়ামঘাটত আৰম্ভ কৰা নদীবান্ধ প্ৰকল্পৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পাছতো কৃষকে প্ৰয়োজনীয় সময়ত পথাৰত পানী লাভ নকৰাৰ অভিযোগ তুলিছে কৃষক ৰাইজে। কৃষকসকলৰ মতে, খেতিৰ বাবে অতি প্ৰয়োজনীয় সময়ত নদীবান্ধ ব্যৱস্থাৰ পানী পথাৰলৈ নুঠে।
আনহাতে, পথাৰত বৰষুণৰ পানী জমা হোৱাৰ পিছতহে নদীবান্ধ পানী এৰি দিয়া হয়।
ফলস্বৰূপে, অধিক পানীৰ চাপত বহু ঠাইত ৰোৱা ধান নষ্ট হোৱাৰ ঘটনাও দেখা পৰিলক্ষিত হোৱা দেখা গৈছে। ইফালে, কৃষকসকলে মেচিনৰ সহায়ত কষ্ট কৰি যি সামান্যকন পানী গোটাই কঠীয়া বা ৰোপণৰ ব্যৱস্থা কৰে, সেই পানীও বৃহৎ নদীবান্ধ নলাৰ জৰিয়তে উভতি নদীত পৰি যোৱাৰ অভিযোগ হৈ উত্থাপিত হৈছে।
ফলত, একফালে খৰাং আৰু আনফালে অব্যৱস্থাপিত নদীবান্ধ ব্যৱস্থাৰ বাবে অঞ্চলটোৰ কৃষকসকল ব্যাপক সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে।
কৃষকসকলে সংশ্লিষ্ট বিভাগ তথা চৰকাৰক বিষয়টোত শীঘ্ৰে হস্তক্ষেপ কৰি স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে কৃষক ৰাইজে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু