অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়ি আহিছে জীয়া ভৰলী নদীৰ জলস্তৰ
শোণিতপুৰ, ১৭ জুলাই (হি.স.)। অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়ি আহিছে জীয়া ভৰলী নদীৰ জলস্তৰ। ব্ৰহ্মপুত্ৰৰ এই প্ৰধান উপনৈখনৰ পানী অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাত এতিয়া তীব্র আতংকই বিৰাজ কৰিছে জামুগুৰিহাটৰ নদীপৰীয়া অঞ্চলসমূহত
অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়ি আহিছে জীয়া ভৰলী নদীৰ জলস্তৰ


শোণিতপুৰ, ১৭ জুলাই (হি.স.)। অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়ি আহিছে জীয়া ভৰলী নদীৰ জলস্তৰ।

ব্ৰহ্মপুত্ৰৰ এই প্ৰধান উপনৈখনৰ পানী অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাত এতিয়া তীব্র আতংকই বিৰাজ কৰিছে জামুগুৰিহাটৰ নদীপৰীয়া অঞ্চলসমূহত।

বিশেষকৈ গতাইমাৰি, দীঘলী চাপৰি আৰু লালেটাপুকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজ এতিয়া নিজৰ জীৱন আৰু সা-সম্পত্তিক লৈ চৰম চিন্তিত হৈ পৰিছে। পাহাৰীয়া পানীৰ ঢলে নদীৰ পানী বঢ়াই তোলাত নদীপৰীয়া পৰিয়াল এতিয়া শংকিত হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande