
ধুবুৰী, ১৭ জুলাই (হি.স.)। ধুবুৰীত চাৰিজন ড্ৰাগছ বেপাৰীক আটক, আৰক্ষীৰ অভিযানত জব্দ ৬০০ য়াবা টেবলেট জব্দ।
ধৃত ব্যক্তিকেইটা হৈছে নুৰ খান (৫০); জাহাংগীৰ আলম, ছাইফুল ইছলাম (৩৪); আৰু ছামছেৰ আৰু মনীছুৰ ইছলাম।
ধুবুৰী আৰক্ষীয়ে ধুবুৰী চহৰৰ বড়ো মছজিদৰ বিপৰীতে থকা এন এছ ৰোড অঞ্চলৰ সন্দেহযুক্ত ড্ৰাগছৰ অভিযান চলাই চাৰিজন অভিযুক্ত ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ৬০০ য়াবা টেবলেট জব্দ কৰে।
ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসৰ সহযোগত ধুবুৰী ক্ৰাইম টিমে অঞ্চলটোত অবৈধ ড্ৰাগছ কাৰ্যকলাপৰ সন্দৰ্ভত নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত এই অভিযান চলায়।
আৰক্ষীৰ মতে, অভিযুক্তই নিচাজাতীয় দ্ৰব্য সেৱন কৰি থকা অৱস্থাত ৰঙা হাতেৰে ধৰা পেলায়। চৌহদটোত তালাচী চলোৱাৰ ফলত ৬০০টা য়াবা টেবলেট উদ্ধাৰ হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু