
মুখ্যমন্ত্রী আৰু বিত্তমন্ত্রীয়ে বিধানসভাত অনা অভিযোগৰ পোনপটীয়া উত্তৰ দিবলৈ প্ৰত্যাহ্বান
গুৱাহাটী, ১৭ জুলাই (হি.স.)। অখিল গগৈৰ নেতৃত্বত পৰিচালিত কাজিৰঙা অৰ্কিড আৰু জৈৱ-বৈচিত্র উদ্যানে জিএছটি ফাঁকি দিয়াৰ গুৰুতৰ অভিযোগ অসম বিধানসভাৰ মজিয়াত বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাই উত্থাপন কৰাৰ পিছত বিষয়টোক লৈ এইবাৰ সৰৱ হৈছে অসম ৰাজ্যিক বিজেপি। আজি দলৰ ৰাজ্যিক কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেলত মুখপাত্র কমল কুমাৰ মেধিয়ে কয় যে বিত্তমন্ত্ৰী গৰাকীয়ে বিধানসভাত অনা সেই মাৰাত্মক অভিযোগৰ আজিলৈকে পোনপটীয়া উত্তৰ দিব নোৱাৰিলে অখিল গগৈয়ে।
কালি এখন সংবাদমেলৰ আয়োজন কৰি শিৱসাগৰৰ বিধায়কগৰাকীয়ে বিষয়টোক লৈ চালে-বেৰে কোবাই মূল প্ৰসংগৰ পৰা ফালৰি কাটিছে বুলি মুখপাত্ৰগৰাকীয়ে অভিযোগ কৰে। সংবাদমেলত মুখপাত্র মেধিয়ে অর্কিড পার্ক সন্দর্ভত কেইবাটাও নতুন তথ্য ফাদিল কৰে। এটা বছৰত কাজিৰঙা অর্কিড আৰু জৈৱ-বৈচিত্র উদ্যানৰ সংগৃহীত ৰাজহৰ পৰিমাণ প্রায় ১০-১২ কোটি টকা । তাৰে প্রায় ৭-৮ কোটি টকা প্ৰৱেশ মূল্যৰ পৰা সংগৃহীত ধন। ৭-৮ কোটি টকাৰ ১৮ শতাংশ জিএছটি অর্থাৎ প্রায় ১.৫ কোটি টকা বছৰে চৰকাৰী তহবিলত জমা হ'ব লাগে । প্রতিবছৰে ১.৫ কোটি টকাকৈ যোৱা আঠটা বছৰত জিএছটিৰ ১২ ৰ পৰা ১৫ কোটি টকাৰ হিচাপ লুকুৱাইছে অখিল গগৈয়ে । সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানৰ নামত সংগৃহীত প্ৰৱেশ মূল্যৰ ধনৰ হিচাপো লুকুৱায় গগৈয়ে । সেই প্ররেশ মূল্যৰ ধনৰ সবিশেষ সমবায় সমিতিৰ চূড়ান্ত বছৰেকীয়া হিচাপত কিয় দেখুওৱা নহয় বুলিও গুৰুতৰ অভিযোগ আনি প্রশ্ন উত্থাপন কৰিছে ৰাজ্যিক বিজেপিয়ে ।
উদ্যানখনৰ প্ৰৱেশ মূল্যৰ সংগৃহীত ধন কৰ্মচাৰীৰ বেংক একাউন্টত জমা ৰখাৰ তথ্য সদৰি কৰি মুখপাত্র কমল কুমাৰ মেধিয়ে এই সন্দৰ্ভত অখিল গগৈৰ পৰা স্পষ্টীকৰণ বিচাৰে । যোৱা আঠটা বছৰত উদ্যানলৈ আগমন ঘটা পৰ্যটকৰ সংখ্যা ৰাজহুৱা কৰিবলৈ আহ্বান জনাই মুখপাত্ৰগৰাকীয়ে আৰু কয় যে, বিপদৰ উমান পাই এতিয়া অখিল গগৈয়ে উদ্যানখনৰ বিত্তীয় লেনদেনৰ সম্পর্কে অৱগত নহয় বুলি কৈ চি এ আৰু সদস্য সচিবৰ গাঁত সমস্ত দায়িত্ব অর্পণ কৰি পলায়নৰ ৰাস্তা উলিয়াই লৈছে ।
এয়া সকলোৱে জনা কথা যে অখিল গগৈৰ অনুমতি অবিহনে উদ্যানৰ এটা টকাও ইফাল-সিফাল নহয়। অখিল গগৈৰ অজ্ঞাতে ইমান কোটি কোটি টকাৰ হেৰফেৰ হ'বনে ? উদ্যানখনৰ কৰ্মচাৰীয়ে প্ৰতি সন্ধিয়া প্ৰেৰণ কৰা দিনটোৰ বিত্তীয় তথ্যও গগৈক ৰাজহুৱা কৰিবলৈ মেধিয়ে প্রত্যাহ্বান জনায়। আনহাতে, উদ্যানখনৰ কাৰণে অনুমোদিত ভূমিৰ পৰিমাণ আছিল ২৬ বিঘা । কিন্তু বর্তমান উদ্যানখনত ১০০ বিঘাতকৈ অধিক মাটি সংযোজিত হৈছে। কৰ্মচাৰীক দৰমহা দিবলৈ পইচা পত্নীৰ পৰা ধাৰ কৰিবলগীয়া হয় বুলি সংবাদমেলত কোৱা অখিল গগৈয়ে ৰাইজক এই কথাও লগতে জনাই দিয়ক যে নতুনকৈ ১০০ বিঘা মাটি কিনিবৰ কাৰণে তেখেতে টকা পালে ক'ত ? যদি তেখেতে কোৱা মতেই উদ্যানখনৰ কৰ্মচাৰীক দৰমহা দিবলৈকে ধনৰ নাটনি হয়, তেনেহ'লে নতুনকৈ ১০০ বিঘা মাটি সংযোজন কৰিলে কেনেকৈ ? যদি কিনি লোৱা নাই, তেনেহ'লে নিশ্চিতভাৱে তেওঁক কোনোৱাই সেই মাটি দান কৰিব লাগিব বা উদ্যানখনৰ নাম লৈ চৰকাৰী মাটি দখল কৰিব লাগিব ।
ইয়াৰে কোনটো কথা সঁচা-সেইটো অসমৰ ৰাইজক অৱগত কৰাবলৈও কমল কুমাৰ মেধিয়ে অখিল গগৈক প্রত্যাহ্বান জনায় । অখিল গগৈয়ে উল্লেখ কৰিছে যে যদি মুখ্যমন্ত্রী, বিত্তমন্ত্রী বা কৃষি মন্ত্ৰীয়ে বিচাৰে, উদ্যানখন তেওঁ দি দিব । কিন্তু প্রকৃত সত্যটো হ'ল, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নাম ব্যৱহাৰ কৰি উদ্যানখন প্রতিষ্ঠা কৰিলেও উদ্যানখনৰ পৰিচালনা সমিতিৰ ১০ জন ডাইৰেক্টৰৰ ভিতৰত এতিয়া অখিল গগৈৰ পৰিয়ালৰ চাৰিজন ব্যক্তি অন্তর্ভুক্তি হৈছে ।
অর্কিড উদ্যানখন শাসক দলৰ কোনো মানুহে কেতিয়াও বিচাৰি থকা নাই। সেই কথাৰে অসমবাসী ৰাইজৰ মাজত সস্তীয়া আৱেগৰ সৃষ্টি কৰাৰ অপচেষ্টা কৰি একো লাভনাই। যদি অখিল গগৈৰ সঁচাকৈয়ে সততা আছে, তেনেহ'লে কৃষক মুক্তিৰ নামত গঢ় লোৱা উদ্যানখন অখিল গগৈয়ে কৃষক মুক্তিক উভতাই দিয়ক। তথাকথিত সমবায়ৰ নামত নিজৰ পৰিয়াললৈ উদ্যানখন হস্তান্তৰ কৰাৰ চক্ৰান্ত বন্ধ কৰিবলৈও ৰাজ্যিক বিজেপিয়ে আহ্বান জনায়। উদ্যানখনত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতি প্রদর্শন কৰাৰ ব্যৱস্থাটো প্রসংশনীয় বুলি উল্লেখ কৰি সংবাদমেলত মুখপাত্ৰগৰাকীয়ে জাতীয়-জনগোষ্ঠীয় সংস্কৃতি প্রদর্শন কৰাটো ভাল কাম, কিন্তু কৰ ফাঁকি দিয়াটো বেয়া কাম বুলি কয় ।
আনহাতে, নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰ বিধানসভা সমষ্টিৰ নামঘৰে নামঘৰে ১.৫ লাখকৈ নগদ টকা বিলোৱাৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত অনা অভিযোগৰো যথাযথ স্পষ্টীকৰণ দিব নোৱাৰিলে অখিল গগৈয়ে। নগদ ধন নহয়, চেক বিতৰণ কৰা বুলিহে তেখেতে উল্লেখ কৰিছে। আজিৰ সংবাদমেলত মুখপাত্র মেধিয়ে পুনৰবাৰ শিৱসাগৰ সমষ্টিত নগদ ধন বিতৰণৰ অভিযোগ উত্থাপন কৰে। এই ক্ষেত্ৰতো গগৈক ৰাজ্যিক বিজেপিয়ে সঠিক তদন্তৰ মুখামুখি হ'বলৈ প্রত্যাহ্বান জনায়।
আজিৰ এই সংবাদমেলত ৰাজ্যিক মুখপাত্র প্রাঞ্জল কলিতা আৰু মিডিয়া পেনেলিষ্ট কৌশিক পাল দাসো উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী