
জাপানীজ এনকেফেলাইটিছ, ডেংগুৰ প্ৰাদুৰ্ভাৱ-চিকিৎসা সন্দৰ্ভত বিশেষ নিৰ্দেশনা
গুৱাহাটী,১৭ জুলাই (হি.স.)। কামৰূপ মহানগৰ জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞাৰ অধ্যক্ষতাত আজি যুটীয়াভাৱে দ্বিতীয় জিলা টাস্ক ফ'ৰ্চ আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বীজাণুমুক্তকৰণ তথা পৰিস্কাৰ পৰিচ্ছন্নতা সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয় । জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত জাপানীজ এনকেফেলাইটিছ , ডেংগু আদি বাহকজনিত ৰোগ প্ৰতিৰোধ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় ।
বৈঠকত জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে জাপানীজ এনকেফলাইটিছ ৰোগত আক্ৰান্ত লোকসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে কোনো ক্ৰুটি নহয় তাৰ প্ৰতি সুক্ষ্ম দৃষ্টি ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায় । তদুপৰি জাপানীজ এনকেফেলাইটিছৰ প্ৰাৰ্দুভাৱ হোৱা ঠাইত পুনৰ পৰীক্ষাকৰণ ,ফগিং, ডাম্পিং গ্ৰাউণ্ডত স্প্ৰে, চেনিটাইজেশ্বন,আভা আই-ডি সৃষ্টিৰ সংখ্যা বৃদ্ধি কৰা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে ।উল্লেখযোগ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল আৰু সোণাপুৰস্থিত জিলা চিকিৎসালয়ত এই ৰোগৰ বিনামূলীয়াকৈ পৰীক্ষা কৰা হয় । বৈঠকত কামৰূপ মহানগৰ জিলাত ৰোগৰ স্থিতিৰ বৰ্তমান অৱস্থা আৰু সংশ্লিষ্ট বিভাগসমূহে গ্ৰহণ কৰা প্ৰতিৰোধ ব্যৱস্থা পাৱাৰ প্ৰেজেণ্টটেশ্বনৰ সহায়ত প্ৰদৰ্শন কৰা হয় । আজিৰ এই বৈঠকত যুটীয়া স্বাস্হ্য বিষয়া সঞ্জীৱ কুমাৰ শইকীয়া,জিলা প্ৰকল্প বিষয়া ,স্বাস্হ্য বিষয়া ,সংশ্লিষ্ট বিভাগৰ বিষয়া তথা ব্যক্তিগত চিকিৎসালয়ৰ কৰ্তৃপক্ষ উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী