
শিৱসাগৰ, ১৭ জুলাই (হি.স.)। অতীত হৈ পৰিব নেকি ঐতিহাসিক আজানপীৰ দৰগাহ।
ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াৰ কবলত বুৰঞ্জীপ্ৰসিদ্ধ স'ৰাগুৰি চাপৰি।
দুই বছৰত খহনীয়াত জাহ গল প্ৰায় তিনি কিলোমিটাৰ অঞ্চল।
ফেনে ফোটোকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰই প্ৰবল সোঁতত খহিছে চপৰা চপৰে মাটি।
আজানপীৰ দৰগাহ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হবলৈ প্ৰায় দুশ মিটাৰমানহে বাকী।
দৈনিক ব্ৰহ্মপুত্ৰই সামৰি লৈছে শ শ বিঘা কৃষিভূমি।
শিৱসাগৰ জিলাৰ দিখৌমুখ অঞ্চলৰ ব্ৰহ্মপুত্ৰ ,দিখৌ আৰু দৰিকাৰ ত্ৰিবেণী সংগমত অৱস্থিত স'ৰাগুৰি চাপৰি ব্ৰহ্মপুত্ৰৰ বুকুত নিচিহ্ন হোৱাৰ উপক্ৰম ঘটিছে।
নিমিষতে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব পাৰে মন্দিৰ আৰু বিদ্যালয়।
স'ৰাগুৰি চাপৰিৰ তিনিশটা পৰিয়ালৰ ভৱিষ্যতক লৈও শংকা।
খহনীয়াই ঠিকনাবিহীন কৰিব তিনিশটা পৰিয়ালক।
স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া অনুৰোধ স্বত্বেও চৰকাৰ তথা জলসম্পদ বিভাগে নললে কোনো সময়োপযোগী ব্যবস্থা।
স্থানীয় বিধায়ক অখিল গগৈৰ ভূমিকাক লৈও প্ৰশ্ন স্থানীয় ৰাইজৰ।
স্থানীয় ৰাইজৰ অভিযোগ নিৰ্বাচনৰ পূৰ্বে কেৱল মাত্ৰ ভোটৰ আশাত আহিছিল অখিল গগৈ।
বিধায়ক গৰাকীৰ বিৰুদ্ধে স'ৰাগুৰি চাপৰি আৰু আজানপীৰ দৰগাহক লৈ সৰৱ ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।
ফেনে ফোটোকাৰে বাঢ়ি থকা ব্ৰহ্মপুত্ৰৰ দাতিত জিঅ বেগ জাপি দায়িত্ব সামৰিব বিচাৰিছে শিৱসাগৰ জলসম্পদ বিভাগে ।
জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইলৈ অনুৰোধ স্থানীয় ৰাইজৰ - শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰক অন্যথা ইতিহাসৰ পাতত ইতিহাস হৈ পৰিব স'ৰাগুৰি চাপৰি আৰু আজানপীৰ দৰগাহ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা