বৰপেটা ৰোডৰ বালাভিটাত এছএছবিৰ বানপানী সজাগতা আৰু উদ্ধাৰ প্ৰশিক্ষণ
বৰপেটা, ১৭ জুলাই (হি.স.)। সশস্ত্ৰ সীমা বল (এছএছবি)-ৰ ৰঙিয়া ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ অধীনস্থ গুৱাগাছা ২৭ নং বাহিনীৰ উদ্যোগত বৃহস্পতিবাৰে বৰপেটা ৰোডৰ বালাভিটাত এক বিশেষ বানপানী সজাগতা আৰু উদ্ধাৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। অনুষ্ঠানত এছএছবিৰ জোৱান সকল
বৰপেটা ৰোডৰ বালাভিটাত এছএছবিৰ বানপানী সজাগতা আৰু উদ্ধাৰ প্ৰশিক্ষণ


বৰপেটা, ১৭ জুলাই (হি.স.)। সশস্ত্ৰ সীমা বল (এছএছবি)-ৰ ৰঙিয়া ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ অধীনস্থ গুৱাগাছা ২৭ নং বাহিনীৰ উদ্যোগত বৃহস্পতিবাৰে বৰপেটা ৰোডৰ বালাভিটাত এক বিশেষ বানপানী সজাগতা আৰু উদ্ধাৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। অনুষ্ঠানত এছএছবিৰ জোৱান সকলে বানপানীৰ সময়ত জীৱন সুৰক্ষিত ৰখাৰ উপায়, উদ্ধাৰৰ কৌশল তথা লাইফ জেকেট আৰু নাও আদিৰ সঠিক ব্যৱহাৰৰ বিষয়ে স্থানীয় ৰাইজক হাতে-কলমে প্ৰশিক্ষণ প্ৰদান কৰে।

দুৰ্যোগৰ সময়ত আতংকিত নহৈ প্ৰশাসনক সহায় কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনোৱা হয়। এই কাৰ্যসূচীত এছএছবিৰ এছিষ্টেণ্ট কমাণ্ডেণ্ট ধৰ্মেন্দ্ৰ সিং, কেইবা গৰাকী বিষয়া-জোৱানৰ লগতে বহু সংখ্যক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি উপকৃত হয়। বানপানীৰ সময়ত সজাগতা বৃদ্ধি আৰু ক্ষয়ক্ষতি হ্ৰাস কৰাই আছিল কাৰ্যসূচীৰ মূল উদ্দেশ্য।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande