
কোকৰাঝাৰ, ১৭ জুলাই (হি.স.)। গোসাঁইগাঁও মহকুমাৰ ১-নং শিমুলটাপু গাঁৱৰ এজন কৃষক পৰিয়াললৈ আহিছে এক আনন্দৰ খবৰ। সদ্য ঘোষিত সৰ্বভাৰতীয় এন ই ই টি পৰীক্ষাত ৫৫৭ নম্বৰ লাভ কৰি উজ্জ্বল সফলতা অৰ্জন কৰিছে শ্বেখ ছাহিৰ আলমে। পুত্ৰৰ এই কৃতিত্বত আনন্দত আত্মহাৰা হৈ চকুলো টুকিছে কৃষক পিতৃ আকবৰ আলী শ্বেখে।
সীমিত আৰ্থিক সামৰ্থ্যৰ মাজতো কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু দৃঢ় সংকল্পৰে আগবাঢ়ি যোৱা ছাহিৰ আলমৰ এই সফলতাই পৰিয়ালৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, আত্মীয়-স্বজন আৰু সমগ্ৰ শিমুলটাপু অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।
হোজাই জিলাৰ আজমল ছুপাৰ ৪০ 'ৰ ছাত্ৰ আছিল শ্বেখ ছাহিৰ আলম ।
পুত্ৰৰ এই সাফল্যৰ খবৰ লাভ কৰাৰ পিছত কৃষক পিতৃ আকবৰ আলী শ্বেখে আনন্দৰ অশ্ৰু ধৰি ৰাখিব নোৱাৰিলে। দীৰ্ঘদিনৰ ত্যাগ, কষ্ট আৰু সপোনৰ ফল বাস্তৱত পৰিণত হোৱাত তেওঁ আৱেগিক হৈ পৰে। অঞ্চলটোৰ বহুতো লোকে ছাহিৰ আলমক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। সকলোৱে আশা প্ৰকাশ কৰিছে যে তেওঁ আগন্তুক দিনত চিকিৎসা শিক্ষাতো সমান সফলতা লাভ কৰি এজন দক্ষ, মানৱদৰদী চিকিৎসক হিচাপে সমাজ আৰু দেশৰ সেৱাত আত্মনিয়োগ কৰিব।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু