
গোৱালপাৰা, ১৭ জুলাই (হি.স.)। এতিয়া ভৰ বাৰিষা । কৃষক সকল ব্যস্ত খেতি পথাৰত । কিন্তু খেতি পথাৰত কৃষক সকল ব্যস্ত থকাৰ সময়তে গোৱালপাৰা জিলাৰ দৰংগিৰিৰ একাংশ কৃষক মূৰে-কপালে হাত দিব লগা হৈছে। গোৱালপাৰা জিলাৰ দুধনৈ ৰাজহ চক্ৰৰ অন্তৰ্গত দৰংগিৰিৰ সমীপৱৰ্তী উদমাৰী-গাৰোপাৰাত প্ৰায় ডেৰ শ বিঘাৰো অধিক কৃষি ভূমিত নিৰ্মাণ কৰি থকা হৈছে বিশাল উদ্যোগ ।
কৃষি ভূমিত মাটি পেলাই উদ্যোগ স্থাপন কৰাৰ ফলত উদ্যোগৰ কাষত থকা খেতি পথাৰত এতিয়া কৃষি কৰাৰ বাবে অনুপযোগী হৈ পৰিছে। যাৰ ফলত মূৰে-কপালে হাত দিব লগা হৈছে কৃষক ৰাইজ। কাৰণ উদ্যোগ স্থাপনৰ নামত খেতি পথাৰৰ মাজেৰে যোৱা ফুল নৈ নামৰ সৰু নদী খন বন্ধ কৰি উদ্যোগৰ দেৱাল বন্ধা হৈছে।
ফলত খেতি পথাৰৰ মাজেৰে যোৱা নদীৰ পাৰ ভাঙি খেতি পথাৰৰ এটা অংশ পানীৰে উপচি পৰিছে। আনহাতে একাংশ কৃষি ভূমিত পানী নহোৱা হৈছে। এই সন্দৰ্ভত কৃষক ৰাইজে দুধনৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আৰু দুধনৈ সমজিলাৰ কাৰ্যালয়ত ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আবেদন জনাইছে যদিও কোনো সুফল পোৱা নাই। সেয়ে ৰাজ্যৰ কৃষি মন্ত্ৰীক ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰি কৃষক ৰাইজক সকাহ দিবৰ বাবে আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা