দেৰগাঁৱৰ এফ .চি .আই চাৰিআলিত দুৰ্ঘটনাত আহত ১
দেৰগাঁৱৰ এফ .চি .আই চাৰিআলিত দুৰ্ঘটনা ।
দেৰগাঁৱৰ এফ .চি .আই চাৰিআলিত দুৰ্ঘটনাত আহত ১


গোলাঘাট, ১৭ জুলাই (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱৰ এফ .চি .আই চাৰিআলিত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া এক দুৰ্ঘটনা সংঘটিত হয় ।দ্ৰুতবেগী ইনভা বাহনে মহতিয়াই নিয়ে এজন চাইকেল আৰোহীক । অতি সংকটজনক অৱস্থাত জেএমচিএইচ লৈ প্ৰেৰণ কৰে দুৰ্ঘটনা গ্ৰস্ত লোক জনক ।

দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰা ইনভা বাহন খনক ধৰিবলৈ সক্ষম হয় দেৰগাঁও আৰক্ষী । দুৰ্ঘটনাত পতিত হোৱা লোক জন দেৰগাঁৱৰ দেৱ বৰা বুলি পৰিচয় পোৱা গৈছে । দুৰ্ঘটনা সংঘটিত কৰা ইনভা খনৰ নম্বৰ এএছ ০১ এম ৯৩৭৭ বুলি কোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande