হাটশিঙিমাৰীৰ ফাত্তা পাৰাত বিদ্যুৎপৃষ্ঠ হৈ নিহত এজন কিশোৰ, আহত এজন
দক্ষিণ শালমাৰা মানকাচৰ, ১৭ জুলাই (হি.স.)। হাটশিঙিমাৰীৰ ফাত্তা পাৰাত বিদ্যুৎপৃষ্ঠ হৈ নিহত এজন কিশোৰ, আহত এজন। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ ফাত্তা পাৰাত বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু হয় এজন কিশোৰৰ আৰু সংকটজনক অৱস্থাত কিশোৰৰ পিতৃ। উল্লেখ্য
হাটশিঙিমাৰীৰ ফাত্তা পাৰাত বিদ্যুৎপৃষ্ঠ হৈ নিহত এজন কিশোৰ, আহত এজন


দক্ষিণ শালমাৰা মানকাচৰ, ১৭ জুলাই (হি.স.)। হাটশিঙিমাৰীৰ ফাত্তা পাৰাত বিদ্যুৎপৃষ্ঠ হৈ নিহত এজন কিশোৰ, আহত এজন। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ ফাত্তা পাৰাত বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু হয় এজন কিশোৰৰ আৰু সংকটজনক অৱস্থাত কিশোৰৰ পিতৃ। উল্লেখ্য যে নিশা বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে বিদ্যুৎৰ কাম কৰি এডাল বৈদ্যুতিক তাঁৰ ওলোমাই ৰাখি গৈছিল বুলি স্থানীয় ৰাইজে জানিব দিয়ে ।

আজি গৰমৰ বন্ধত ককাকৰ ঘৰত আহি দুপুৰীয়া সময়ত ৯ বছৰীয়া আৰমান হুচেইন নামৰ কিশোৰ জনে খেলি থকা অৱস্থাত বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহি মৃত্যু মুখত পৰে। পুত্ৰক বচাবলৈ পিতৃয়ে অশেষ চেষ্টা কৰাৰ ফলতো নিজে গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ।ইপিনে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এনে দুৰ্ঘটনা হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে । মন কৰিবলগীয়া যে দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় ডেৰ ঘন্টা পিছতো বিদ্যুৎ বিভাগৰ পৰা কোনো লোক ঘটনাস্থলীত উপস্থিত হোৱা নাই। মৃত কিশোৰৰ ঘৰ পিপুলবাৰীত বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande