অবৈধ চুলাই ভাটিৰ বিৰুদ্ধে আমগুৰি আৰক্ষীৰ তীব্ৰ অভিযান
অবৈধ চুলাই ভাটিৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত আছে আমগুৰি আৰক্ষীৰ।
অবৈধ চুলাই ভাটিৰ বিৰুদ্ধে আমগুৰি আৰক্ষীৰ তীব্ৰ অভিযান


শিৱসাগৰ, ১৭ জুলাই (হি.স.): শিৱসাগৰৰ আমগুৰি আৰক্ষীয়ে অবৈধ চুলাই ভাটিৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। এই অভিযানত দ'মে দ'মে ওলায়েই আছে চুলাই মদ । আমগুৰিৰ বিভিন্ন গাঁৱত অবৈধভাৱে গঢ় লৈ উঠা চুলাই ভাটিৰ বিৰুদ্ধে আমগুৰি আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি হাজাৰ হাজাৰ লিটাৰ চুলাই মদ নষ্ট কৰাৰ লগতে বহু ব্যৱসায়ীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে যদিও একাংশ ব্যৱসায়ীয়ে লুকাই চুৰকৈ চলাই গৈছে এই ব্য়ৱসায়।

বিভিন্ন গাঁৱত বৰবিহ স্বৰূপ চুলাই মদ প্ৰস্তুত কৰি অবৈধভাৱে ৰমৰমীয়া ব্যৱসায় চলাই আহিছে একাংশ ব্যৱসায়ীয়ে । আৰক্ষী আবকাৰীলৈ যেন কেৰেপেই নকৰে এই সকলে । ইয়াৰ মাজত আমগুৰিৰ পুলিবৰ আৰু মানটনীয়াত আমগুৰি আৰক্ষীয়ে যোৱা কালি সন্ধিয়া অবৈধভাৱে গোপনে চলাই থকা কেইবাটাও চুলাই ভাটিত তীব্ৰ অভিযান চলাই চুলাই প্ৰস্তত কৰা সামগ্ৰী নষ্ট কৰাৰ লগতে ২৫০০ লিটাৰ চুলাই মদ নষ্ট কৰে। কাঠফুলাৰ দৰে গঢ় লৈ উঠা এই অবৈধ চুলাই ভাটি সমূহ সম্পুৰ্ণৰূপে বন্ধ কৰাৰ ক্ষেত্ৰত আৰক্ষী আৰু আবকাৰী বিভাগ কিমান সফলতা লাভ কৰিব সেয়াহে চিন্তনীয় বিষয় হৈ পৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande