ধুবুৰীত আৰক্ষীৰ বৃহৎ ভুৱা ছিম কাৰ্ড সৰবৰাহকাৰী চক্ৰ উৎখাত
ধুবুৰীত আৰক্ষীয়ে উৎখাত কৰিলে এক বৃহৎ ভুৱা ছিম কাৰ্ড সৰবৰাহকাৰী চক্ৰ।
ধুবুৰীত আৰক্ষীৰ বৃহৎ ভুৱা ছিম কাৰ্ড সৰবৰাহকাৰী চক্ৰ উৎখাত


ধুবুৰী ১৭ জুলাই (হি.স.):ৰাজ্যত পুনৰ সক্ৰিয় চাইবাৰ অপৰাধীৰ নেটৱৰ্ক। এইবাৰ ধুবুৰীত আৰক্ষীয়ে উৎখাত কৰিলে এক বৃহৎ ভুৱা ছিম কাৰ্ড সৰবৰাহকাৰী চক্ৰ। গুৱাহাটী অপৰাধ অনুসন্ধান শাখা (চিআইডি) আৰু কেন্দ্ৰীয় দূৰসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে চলালে এই সফল অভিযান।

ধুবুৰীৰ 'পাখী এণ্টাৰপ্ৰাইজ' আৰু 'ডক্টৰ টেলি চাৰ্ভিচেছ' নামৰ দুখন দোকানৰ জৰিয়তে ভুৱা নথি-পত্ৰৰে প্ৰায় ৪৫ টা ম’বাইল নম্বৰ সক্ৰিয় কৰাৰ অভিযোগ উত্থাপন হৈছে । কোনো ধৰণৰ কেৱাইচি পৰীক্ষা নকৰাকৈ, আনৰ পৰিচয় পত্ৰ জাল কৰি সক্ৰিয় কৰা এই ছিম কাৰ্ডসমূহ দেশৰ বিভিন্ন প্ৰান্তত অনলাইন বিত্তীয় জালিয়াতি আৰু ভুৱা 'ডিজিটেল এৰেষ্ট'ৰ দৰে ভয়ংকৰ চাইবাৰ অপৰাধত ব্যৱহাৰ কৰা হৈছিল।

এই ঘটনাৰ সৈতে জড়িত থকাৰ গুৰুতৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে দুটা অভিযুক্তক—আতাউৰ ৰহমান (ভোডাফোন-আইডিয়াৰ ডিষ্ট্ৰিবিউটৰ) আৰু নুৰ ইছলাম (ভোডাফোন-আইডিয়াৰ ৰিটেইলাৰ)। ধুবুৰী টাউন আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতা (BNS)ৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে। ধৃত অভিযুক্তদ্বয়ৰ পৰা দুখন ম’বাইল ফোন আৰু বহুসংখ্যক ভুৱা ছিম কাৰ্ড জব্দ কৰা হৈছে। ছাব-ইন্সপেক্টৰ জে. এম. কলিতাই সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু এই চক্ৰটোৰ সৈতে জড়িত আন অভিযুক্তকো অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande